Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়কিয় অপসাৰিত হ’ল বাণিজ্যিক মন্ত্ৰী?

কিয় অপসাৰিত হ’ল বাণিজ্যিক মন্ত্ৰী?

ডিজিটেল ডেস্ক, ANEWS24X7: অশোভনীয় আচৰণ কৰি অপসাৰিত হ’ল ব্ৰিটেইনৰ বানিজ্যিক মন্ত্ৰী ক’নৰ বাৰ্ণছ ৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অপসাৰিত কৰিছে মন্ত্ৰী ক’নৰ বাৰ্ণছে ৷ অভিযোগ অনুসৰি বাৰ্ণছে যোৱা সপ্তাহত অশোভনীয় আচৰণ কৰিছিল ৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল ৷

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয় যে, ‘‘এই অভিযোগসমূহৰ পিছত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু স্পষ্ট কৰি দিছে যে সকলো মন্ত্ৰীয়ে ৰাইজে বিচৰাধৰণে উচ্চ মানদণ্ডৰ আচৰণ বজাই ৰাখিব লাগিব।”

উল্লেখ্য যে , বাৰ্ণাছ ২০১০ চনৰ পৰা বোৰ্ণাৰমাউথৰ এজন সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল ৷ বাৰ্ণছ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ কাৰ্যকালত মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments