ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰ সংগ এৰিছে কংগ্ৰেছৰ জি-২৩ গোটৰ সদস্য ৷ কংগ্ৰেছৰ বিসম্বাদী জি-২৩ গোটৰ অন্যতম সদস্য মনীষ তিৱাৰীয়ে গান্ধী পৰিয়াৰ সমৰ্থিত প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গেক সমৰ্থন আগবঢ়াইছে ৷
শশী থাৰুৰ বিশ্বস্ত সংগী মনীষ তিৱাৰীয়ে সংগ এৰাৰ পিছতে বিপদত পৰিছে থাৰুৰ ৷
উল্লেখ্য যে , মনীষ তিৱাৰী আৰু শশী থাৰুৰকে ধৰি জি-২৩ গোটৰ নেতাসকলে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলীয় শীৰ্ষ নেতৃত্বলৈ দলৰ সংস্কাৰ বিচাৰি সাংগঠনিক নিৰ্বাচনৰ দবী উত্থাপন কৰি পত্ৰ লিখিছিল ৷ প্ৰথমে শশী থাৰুৰে সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত ধাৰণা কৰা হৈছিল জি-২৩ গোটৰ সমৰ্থন লাভ কৰিব ৷
কিন্তু বাস্তবত এয়া সম্ভৱ হোৱা নাই ৷ কংগ্ৰেছৰ এক সুত্ৰৰ খবৰ অনুসৰি সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গে প্ৰায় ৯০ শতাংশ ভোট লাভ কৰিব বুলি ৷
