Monday, April 27, 2026
Homeআন্তঃৰাষ্ট্ৰীয়প্ৰকাশ পালে বিশ্ব ক্ষুধা সূচকাংক

প্ৰকাশ পালে বিশ্ব ক্ষুধা সূচকাংক

ডিজিটেল ডেস্ক, ANEWS24X7: দেশত দিনে দিনে বৃদ্ধি পাইছে ভোকাতুৰ লোকৰ সংখ্যা। আজি প্ৰকাশ পোৱা বিশ্ব ক্ষুধা সূচকাংকত মুঠ ১২১ খনৰ ভিতৰত ভাৰতে ১০৭ স্থান লাভ কৰিছে। এই অনুসৰি পূৰ্বতকৈ ভাৰতত ভোকৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। কিয়নো ২০২১ চনত ভাৰতে লাভ কৰিছিল ১০১ স্থান। ২০২০ চনত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৯৪।

কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু ৱেল্টহাংগাৰহিলফে যুটীয়াভাৱে প্ৰকাশ কৰিছে বিশ্ব ক্ষুধা সূচকাংক। চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ৮১ স্থান, পাকিস্তানে ৯৯ স্থান, শ্ৰীলংকাই ৬৪, আৰু বাংলাদেশ ৮৪ স্থানেৰে ভাৰততকৈ আগত আছে।

কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছিল ভাৰতৰ দৰিদ্ৰতা দূৰীকৰণ, ক্ষুধা দূৰীকৰণ আৰু ভাৰতক এক বিশ্বশক্তি হিচাপে গঢ়ি তুলিব। কিন্তু তাৰ বিপৰীতে ভাৰত হৈ পৰিছে বিশ্বৰ অন্যতম ক্ষুধাৰ দেশ।

কেৱল সেয়াই নহয়, ভাৰতৰ জি.এইচ.আই. স্ক’ৰো হ্ৰাস পাইছে। জি.এইচ.আই.-য়ে ভাৰতক ২৯.১ নম্বৰ প্ৰদান কৰিছে, যি ভোকৰ স্তৰৰ ‘গুৰুতৰ’ শ্ৰেণীত পৰে। ২০০০ চনত ভাৰতৰ জি এইচ আই স্ক’ৰ আছিল ৩৮.৮। ২০১২-২০২১ বৰ্ষৰ ভিতৰত এই স্ক’ৰ ২৮.৮- ২৭.৫ লৈ হ্ৰাস পাইছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments