Tuesday, July 8, 2025
Homeঅসমতেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় 'ফুলগুৰি ধেৱা'ৰ ১৬১ টা বছৰ সম্পূৰ্ণ

তেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় ‘ফুলগুৰি ধেৱা’ৰ ১৬১ টা বছৰ সম্পূৰ্ণ

ডিজিটেল ডেস্ক, ANEWS24X7: ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত সংঘটিত হোৱা ফুলগুৰি ধেৱা হৈছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। এই দিনটোতে বহুকেইজন নিৰীহ নগঞা কৃষকৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হৈ পৰিছিল নগাওঁ জিলাৰ ফুলগুৰি ৷

‘ফুলগুৰি ধেৱা’ৰ সৈতে নিহীত হৈ আছে অত্যাচাৰী ইংৰাজৰ অন্যায়-উৎপীড়নৰ বিৰুদ্ধে ঠিয় দি প্ৰাণ আহুতি দিয়া ৫৪ জন ছহিদৰ কৰুণ কাহিনী৷

১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি বন্ধ কৰা, চাপৰি মাটিৰ খাজানা অস্বাভাবিক হাৰত বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ লগাইছিল। কিন্তু চৰকাৰী কানি প্ৰচলন বন্ধ কৰা হোৱা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। আৰু তেতিয়াই পাতনি মেলিছিল কৃষক বিদ্ৰোহৰ।

বিট্ৰিছসকলে ফুলগুৰি ধেৱাক এটি সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল। কিন্তু অসমৰ ইতিহাসত বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়।

কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে- সুদীৰ্ঘ ১৫০ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল ‘ফুলগুৰি ধেৱা’ই৷ প্ৰতি বছৰে ১৮ অক্টোবৰত এই মহান ছহিদসকলক পৰম শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে ফুলগুৰিবাসী ৰাইজৰ লগতে ৰাজ্যবাসীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments