Thursday, March 12, 2026
Homeৰাজনৈতিকমহাৰাষ্ট্ৰত পুনৰ উদ্ধৱ ঠাকৰেৰ সফলতা

মহাৰাষ্ট্ৰত পুনৰ উদ্ধৱ ঠাকৰেৰ সফলতা

 

ডিজিটেল ডেস্ক, ANEWS24X7:  ঘনে ঘনে পৰিৱৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি ৷ এইবাৰ বিজেপি মিত্ৰজোঁঁটক পিছ পেলাই আগবাঢ়ি গৈছে উদ্ধৱ ঠাকৰে নেতৃত্বৰ মহা বিকাশ আঘাদী ৷

সদ্য ঘোষিত মহাৰাষ্ট্ৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ সফলতা লাভ কৰিছে শিৱসেনা (উদ্ধৱ ঠাকৰে), এনচিপি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে ৷

পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটতকৈ ১০৭ খন অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে মহা বিকাশ আঘাদীয়ে ৷মহা বিকাশ আঘাদীয়ে ১০৭৯ খন আসনৰ ভিতৰত ৪৬৪ খন আসন লাভ কৰাৰ বিপৰিতে বিজেপি মিত্ৰজোঁটে ৩৫৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে অন্যান্য সৰু দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ২৫৮ খন আসন লাভ কৰিছে ৷

এই নিৰ্বাচনত কংগ্ৰেছে ১৫২ খন আসন , এনচিপিয়ে ১৬৭ খন আসন আৰু শিৱসেনা উদ্ধৱ ঠাকৰে গোটে ১৫৫ খন আসন লাভ কৰিছে ৷ ইয়াৰ বিপৰিতে বিজেপিয়ে ২৪৪ খন আসন আৰু শিৱসেনাৰ একনাথ চিন্দে গোটে ১১৩ খন আসন লাভ কৰিছে ৷

আনহাতে এই নিৰ্বাচনত বিশেষ সফলতা অৰ্জন কৰিছে বাওঁপন্থী দল চিপিআই এমে ৷ চিপিআই এমে ৯২ খন পঞ্চায়তত সভাপতি পদত জয় লাভ কৰাৰ লগতে ১০০ খনতকৈ অধিক আসনত বিজয় সাব্যস্ত কৰিছে ৷ উল্লেখ্য যে কৃষক আন্দোলনত মহাৰাষ্ট্ৰত বাওঁপন্থী দলৰ পদযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিছিল সাধাৰণ জনতাৰ৷ ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছিল গাঁও পঞ্চায়তৰ নিৰ্বাচনত ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments