ডিজিটেল ডেস্ক, ANEWS24X7: কোন হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৷ ইয়াকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত ৷
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে পদত্যাগ কৰাৰ পিছতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব ইয়াকলৈ চৰ্চালৈ আহিছে কেইবাটাও নাম ৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী দৌৰত ভাৰতীয় বংশোদ্ভৱ ঋষি চুনাকৰ নাম প্ৰথমতে আছে ৷
পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত ঋষি চুনাকৰ পিছতে চৰ্চালৈ আহিছে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা পেনি মৰ্ডান্টৰ নাম ৷ বিগত সাধাৰণ নিৰ্বাচনত ঋষি চুনাকৰ পিছতে স্থান লাভ কৰিছিল পেনি মাৰ্ডান্টে ৷ মাৰ্ডান্ট কনজাৰ্ভেটিভ পাৰ্টিৰ এগৰাকী জনপ্ৰিয় নেত্ৰী ৷ইয়াৰ ওপৰিও চৰ্চালৈ আহিছে জেৰেমি হান্টৰ নাম ৷
উল্লেখ্য যে বিগত কিছুদিন ধৰি দলটোৰ ভিতৰত প্ৰধানমন্ত্ৰী ট্ৰাছৰ বিৰোধিতাই গা কৰি উঠিছিল ৷ চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল ৷ ইয়াৰ পিছতে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে ৷ এনেবোৰ কাৰণতে বৃহস্পতিবাৰে পদত্যাগ কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে ৷
