ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্তমানেও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ৯ মাহত অতিক্ৰম কৰিলে ৷ বৰ্তমানেও যুদ্ধ সমাপ্ত হোৱা কোনো লক্ষণ দেখা দিয়া নাই ৷ এনে পৰিস্থিতিত সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছে ৷
ইয়াৰ মাজতে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ এই ভ্ৰমণৰ সময়ত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব ৷ এই আলোচনাত দ্বিপাক্ষিক বিষয়সমূহ সামৰি লোৱা হ’ব ৷ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰিব ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আৰু বাণিজ্য, উদ্যোগ মন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাত কৰিব ৷ এই সাক্ষাতকাৰ দুয়োখন দেশৰ বাবে বিশেষ তাৎপৰ্যবহন কৰিছে ৷
এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে “বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰা হ’ব”।