Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়বালাদেশত বিদ্যুতৰ চৰম নাটনি, সলনি কৰা হৈছে চৰকাৰী কাৰ্যালয়ৰ সময়সূচী

বালাদেশত বিদ্যুতৰ চৰম নাটনি, সলনি কৰা হৈছে চৰকাৰী কাৰ্যালয়ৰ সময়সূচী

 

 

ডিজিটেল ডেস্ক ANEWS24X7: তীব্ৰ আৰ্থিক সংকটৰ দিশে গতি কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ । কিছু দিনৰ পৰা চুবুৰীয়া দেশ খনত তীব্ৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ইন্ধনৰ মূল্য ।

ইয়াৰ ওপৰিও দেশখনত দেখা দিছে বিদ্যুতৰ চৰম নাটনিয়ে । ইয়াৰ ফলত বাংলাদেশ চৰকাৰে সলনি কৰিছে চৰকাৰী কাৰ্যালয়ৰ কৰ্মৰ সময়সূচী ।

  • বাংলাদেশ চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা দেশখনৰ চৰকাৰী কাৰ্যালয় সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব । আৰু বেংকৰ কাম-কাজ সমূহ পুৱা ৯ বজাৰ পৰা বিয়লি ৮ বজালৈ চলিব । আনহাতে শৈক্ষিক প্ৰতিষ্ঠান সমূহ সপ্তাহত দুটা দিন বন্ধ ৰখোৱা হ’ব ।

তদুপৰি দেশৰ জনতাক কম পৰিমাণে শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী কাৰ্যালয়ৰ পৰা পৰ্দা আঁতৰোৱাৰো নিৰ্দেশ প্ৰদান কৰিছে । এই নিৰ্দেশনা বুধবাৰৰ পৰা কাৰ্যকৰি কৰা হ’ব । উল্লেখ্য যে বাংলাদেশত শেহতীয়াকৈ ইন্ধনৰ মূল্য ৫২ন শতাংশলৈ বৃদ্ধি কৰা হৈছে । এনে পৰিস্থিতিৰ লগত মুকাবিলা কৰিবৰ বাবে বাংলাদেশ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments