ডিজিটেল ডেস্ক, ANEWS24X7: হিন্দু ধৰ্মাৱলম্বী লোকসকলে চৈত্ৰ নৱৰাত্ৰিৰ নৱমী তিথি উদযাপন কৰে আৰু আজি চৈত্ৰ নৱৰাত্ৰিৰ নৱমী তিথি । চৈত্ৰ নৱৰাত্ৰি উপলক্ষে বহু মন্দিৰত যথেষ্টজন ভক্তৰ সমাগম দেখা পৰিলভিত হোৱাৰ লগতে শক্তিপীঠ কামাখ্যাত বাসন্তী পূজা অনুষ্ঠিত হৈছে।
পুৱাৰে পৰা শক্তিপীঠ কামাখ্যালৈ ভক্তৰ লানি নিছিগা সোঁত । মা কামাখ্যাক দৰ্শন কৰিবলৈ মন্দিৰত ভক্তসকলে দীঘলীয়া শাৰী পাতিছে লগতে ভক্তসকলৰ কাৰণে পুৱা ৮ বজাৰ পৰাই মন্দিৰৰ দুৱাৰ খোলা পৰিলক্ষিত হৈছে।
ইপিনে মাৰ দৰ্শনৰ বাবে দুপৰীয়াৰ ভাগতো মন্দিৰৰ দুৱাৰ খোলা থাকিব। আজি বিয়লি ৪ বজাতহে মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব বুলি দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।