Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়জাৰ্মানিত শুক্ৰবাৰে কিয় বাতিল কৰা হ’ল ৮০০ খন বিমানৰ যাত্ৰা

জাৰ্মানিত শুক্ৰবাৰে কিয় বাতিল কৰা হ’ল ৮০০ খন বিমানৰ যাত্ৰা

 

ডিজিটেল ডেস্ক ANEWS24X7: জাৰ্মানত এয়াৰ লাইন কৰ্মচাৰী সকলৰ বৃহৎ প্ৰতিবাদ ৷ পাইলট ইউনিয়ন ককপিটে বছৰটোৰ শেষলৈ ৫.৫ শতাংশ মজুৰি বৃদ্ধি , মুদ্ৰাস্ফীতিৰ বাবে স্বয়ংক্ৰিয় ক্ষতিপূৰণ আৰু ইয়াৰ দৰমহা গ্ৰিডৰ সমন্বয় বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । শুকুৰবাৰে পুৱা ১ বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘট কাৰ্যসূচী নিশা ১১.৫৯ বজাত সমাপ্ত হ’ব ।  ইয়াৰ ফলত শুক্ৰবাৰে মিউনিখ আৰু ফ্ৰাংকফুর্টলৈ অহা যোৱা কৰা ৮০০ খন বিমান বাতিল কৰা হৈছে ।

এই প্ৰতিবাদৰ ফলত ১,৩০,০০০ জন যাত্ৰী প্ৰভাৱিত হ’ব ।

উল্লেখ্য যে জাৰ্মান এয়াৰলাইনছৰ সৈতে দৰমহা বৃদ্ধি সম্পৰ্কীয় আলোচনা ব্যৰ্থ হোৱাৰ পিছত পাইলটসকলে ঔদ্যোগিক কাৰ্যকলাপ প্ৰভাৱিত কৰিবলৈয়ে লুফথানচা যাত্ৰীবাহী বিমান সেৱা আৰু লুফথানচা কাৰ্গো সেৱাত ধৰ্মঘটৰ সিদ্ধান্ত লয় ।

পাইলট ইউনিয়ন ককপিট আৰু জাৰ্মান এয়াৰলাইন গ্ৰুপ লুফথানছাৰ এই সংঘাটৰ ফলত ব্যাহত হৈ পৰিছে মিউনিখ আৰু ফ্ৰাংকফুর্টৰ সাধাৰণ জনজীৱন ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments