Wednesday, July 9, 2025
Homeসাংস্কৃতিকজানি লওক দুৰ্গাৰ সকলোতকৈ প্ৰিয় ৰাশিৰ জাতক কোন কোন?

জানি লওক দুৰ্গাৰ সকলোতকৈ প্ৰিয় ৰাশিৰ জাতক কোন কোন?

দুর্গা পূজালৈ মাজত মাত্র কেইটামান দিন। দুর্গা পূজাক শাৰদীয় নৱৰাত্ৰী বুলিও কোৱা হয়। মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ দেৱীপক্ষৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হয় শাৰদীয় নৱৰাত্ৰি। এই ৯ দিনত দেৱীৰ ৯টা ৰূপৰ আৰাধনা কৰা হয়। নৱৰাত্ৰিৰ ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম দিনটোক বিশেষভাৱে পালন কৰা হয়। দেৱীৰ মহিষাসুৰ মৰ্দিনী ৰূপৰ আৰাধনা কৰা হয় চাৰিদিন। অশুভ শক্তিৰ বিনাশকাৰী দেৱীৰ কেইটামান ৰাশিৰ জাতকৰ ওপৰত বিশেষ প্ৰভাৱ থাকে। এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰি থাকে দেৱীয়ে। দুর্গাপূজা আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক দুৰ্গাৰ সকলোতকৈ প্ৰিয় ৰাশিৰ জাতক কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জন্মৰ পৰাই সৌভাগ্যশালী হয়। এওঁলোকে সাধাৰণতে যি কামেই হাতত নলওক কিয় সফলতা লাভ কৰেই। কাৰণ মা দুৰ্গাৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত সকলো সময়তে থাকে। সেয়ে এই ৰাশিয়ে প্ৰায় সকলো সময়তে সৌভাগ্যৰ সহায়তা লাভ কৰে। এওঁলোকে বিলাসী জীৱনযাপন কৰে।

সিংহ ৰাশি

মা দুর্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত। বিশেষকৈ শাৰদীয় দুর্গাপূজাৰ সময়ত দেৱীৰ সু নজৰ এওঁলোকৰ ওপৰত পৰে। দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ লাভ কৰে এই ৰাশিৰ জাতকে। পৰিয়ালতো সুখ আৰু শান্তি সকলোসময়তে বিৰাজ কৰে এই ৰাশিৰ জাতকৰ। প্ৰেমৰ সম্পৰ্কতো মাধুর্যতা থাকে। কৰ্মক্ষেত্ৰত দেৱীৰ আশীৰ্বাদত প্ৰচুৰ আশীৰ্বাদত উন্নতিৰ যোগ থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত।

তুলা ৰাশি

মা দূৰ্গাৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য লাভ কৰে তুলা ৰাশিৰ জাতকে। আর্থিক কষ্টই কাবু কৰিব নোৱাৰে তুলা ৰাশিৰ জাতকক। উত্তৰাধিকাৰ সূত্রে সম্পত্তি লাভ কৰাৰো যোগ আছে। দেৱীৰ কৃপাত তুলা ৰাশিৰ জাতকসকলে সুখী দাম্পত্য জীৱন কটাব। কর্মক্ষেত্রতো সুখবৰেই লাভ কৰিব।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সকলোসময়তে কৃপাদৃষ্টি থাকে দুৰ্গাৰ। দহোখন হাতেৰে এওঁলোকক সাবটি থাকে মা দুর্গাই। দেৱীৰ কৃপাত এওঁলোকে জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ লাভ কৰিব। সমাজত মান সম্মান আৰু প্ৰতিপত্তি থাকিব বৃশ্চিক ৰাশিৰ জাতকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments