ডিজিটেল ডেস্ক, ১অক্টোবৰ: কাঠমাণ্ডু আৰু নেপালৰ বিভিন্ন প্ৰান্তত তিনিদিন ধৰি অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমান আজি ১ অক্টোবৰ, ২০২৪ পুৱালৈকে ২১৭জন হৈছেগৈ। গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঋষিৰাম তিৱাৰীয়ে জনোৱা মতে, এই পৰ্যন্ত প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কীয় ঘটনাৰ বাবে ২৮ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ১৪৩ জন লোক আহত হৈছে।
বৃহস্পতিবাৰ ২৬ ছেপ্টেম্বৰ ৰ পৰা শনিবাৰ ২৮ ছেপ্টেম্বৰ লৈকে অবিৰত বৰষুণে সমগ্ৰ নেপালত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
কাঠমাণ্ডু উপত্যকাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে য’ত মৃত্যুৰ সংখ্যা ৫০ জন অতিক্ৰম কৰিলে।নেপালৰ সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষীকে ধৰি ২০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষীক অনুসন্ধান, উদ্ধাৰ আৰু সাহায্য বিতৰণৰ সৰ্বাত্মক প্ৰচেষ্টাত নিয়োগ কৰা হৈছে।