ডিজিটেল ডেস্ক ANEWS24X7: SITAই প্ৰদা্ন কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ক ৫ কোটি টকা ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলং জিলাৰ এখন গাঁৱত স্মাৰ্ট কৃষিৰ জৰিয়তে শূন্য দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকলৰ মাজত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ক ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগে ৫ কোটি টকা আগবঢ়াব।
‘আধুনিক কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি শূন্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ জীৱিকা উন্নত কৰাৰ বাবে বৰজুৰি গাঁৱত এই প্ৰকল্প গ্ৰহণ কৰা হ’ব। প্ৰকল্পটো ৰূপায়ণৰ বাবে SITA-এ ৫ কোটি টকা প্ৰদান কৰে।বোকাখাত চহৰৰ পৰা সাত কিঃমিঃ দূৰত্বত অৱস্থিত এই গাঁওখন। শীৰ্ষক এই প্ৰকল্পৰ লক্ষ্য হৈছে কৃষিৰ জলবায়ু-স্মাৰ্ট আৰ্হি প্ৰস্তুত কৰি, কৃষকৰ অনুকূল পানী সংগ্ৰহৰ কাঠামো সৃষ্টি কৰি গাঁওখনৰ জনসাধাৰণৰ জীৱিকাৰ উন্নতি সাধন কৰা , মাটিৰ স্বাস্থ্য বজাই ৰখা আৰু কীট-পতংগ আৰু ৰোগৰ সমস্যা নিয়ন্ত্ৰণ কৰা।
ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ প্ৰতি স্থিতিস্থাপক শস্যৰ জাতৰ প্ৰৱৰ্তন কৰা , হিতাধিকাৰীৰ জ্ঞান বৃদ্ধি কৰা , সংহত কৃষি ব্যৱস্থাৰ ব্যৱহাৰক উৎসাহিত কৰা , কৃষি ইউনিটৰ বাবে কাষ্টম হাইৰিং চেণ্টাৰ স্থাপন কৰা হোমষ্টেড বাগিচাৰ আৰ্হি তৈয়াৰ কৰা আৰু পৰ্যটকৰ পৰিয়ালৰ বাসস্থান নিৰ্মাণ কৰা ইত্যাদি আৰ্হিৰে নিৰ্মাণ কৰা হব প্ৰকল্পটো।সোমবাৰে বৰজুৰিৰ বৰভেটাত অনুষ্ঠিত এক আনুষ্ঠানিক অনুষ্ঠানত ছিটাৰ উপাধ্যক্ষ ৰমেন ডেকাই ১.৪৯ কোটি টকাৰ প্ৰথম কিস্তি এ এ ইউক অৰ্পন কৰে।বিশ্ববিদ্যালয়ৰ হৈ এই পুঁজি লাভ কৰে গৱেষণা সঞ্চালক (কৃষি) ড০ মৃণাল শইকীয়াই।