পূজাৰ পূৰ্বে ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ সুখবৰ। ৰাজ্য চৰকাৰে পূজাৰ উপহাৰ ৰাজ্যৰ ২ লক্ষাধিক শিক্ষাৰ্থীক। ১২ অক্টোবৰত মুকলি কৰা হ’ব মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন। চলিত শিক্ষা বৰ্ষৰ বাবে উচ্চ শিক্ষা বিভাগৰ অধীনত ‘নিযুত মইনা’ আঁচনিৰ ২,৪৮,২৬৩ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই ধন।
আঁচনি অনুসৰি, স্নাতক মহলাৰ ছাত্ৰীসকলে অক্টোবৰৰ পৰা প্ৰতিমাহে ১,২৫০ টকাকৈ লাভ কৰিব। আনহাতে, স্নাতকোত্তৰ মহলা আৰু B.Ed. পাঠ্যক্ৰমৰ ছাত্ৰীসকলে প্ৰতিমাহে ২,৫০০ টকাকৈ লাভ কৰিব।
ইফালে, মাধ্যমিক পৰ্যায়তো ১,৮৯,০৪২ গৰাকী ছাত্ৰীয়ে ‘নিযুত মইনা’ আঁচনিৰ সুবিধা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ হিতাধিকাৰীসকলে প্ৰতিমাহে ৮০০ টকাকৈ লাভ কৰিব। অক্টোবৰৰ পৰা ন্যূনতম ১০ মাহৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাব এই ধন।
ইয়াৰ সমান্তৰালভাৱে ১২ অক্টোবৰত ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু’ আঁচনিৰ ধনো মুকলি কৰা হ’ব। উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যৰ ১,০২,৫০১ গৰাকী ছাত্ৰই এই আঁচনিৰ ধন লাভ কৰিব।
‘নিযুত বাবু’ আঁচনি অনুসৰি, স্নাতক মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে ১,০০০ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে ২,০০০ টকাকৈ লাভ কৰিব।
