প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে বিমানবন্দৰৰ নতুন টাৰ্মিনেল। পুৰণি টাৰ্মিনেলত অৱতৰণ কৰি নতুন টাৰ্মিনেলত প্ৰৱেশ কৰে প্রধানমন্ত্ৰীগৰাকীয়ে। নতুন টাৰ্মিনেলত প্রধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ৰাজহুৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি আমাৰ ৰাজ্যখনৰ বাবে আনন্দ আৰু গৌৰৱৰ দিন। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে। আৰু নতুন টাৰ্মিনেলৰ মুকলি কৰিলে। আমি সকলোৱে জানো যে এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। কপৌফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে। কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰক সমুখত ৰাখি এই সুন্দৰ টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। এনেকুৱা অত্যাধুনিক টাৰ্মিনেল বিল্ডিং কেইবছৰমান আগলৈকে অসমবাসীয়ে যে দেখা পাব, তাক আমি চিন্তাও কৰিব পৰা নাছিলোঁ।’’
‘‘আজি প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত গুৱাহাটীত এনে এক বিমানবন্দৰ লাভ কৰিছোঁ, যিটো দেশৰ ভিতৰতে এটা অন্যতম সুন্দৰ বিমানবন্দৰলৈ ৰূপান্তৰিত হ’ব। আমাৰ গুৱাহাটী বিমানবন্দৰত বছৰি ১ কোটি ৩০ লাখ যাত্ৰীয়ে অহা-যোৱা কৰাৰ সুবিধা লাভ কৰিব। এই বিমানবন্দৰত আৰু নতুন টাৰ্মিনেল বনোৱাৰো ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এই টাৰ্মিনেল বিল্ডিঙৰ লগে লগে ইয়াত ৬০ একৰ ভূমিত এৰ’ হাব নিৰ্মাণ কৰা হ’ব। তাত বিশ্বমানৰ হোটেল, কনভেনচন চেণ্টাৰ সংযোজন হ’ব। নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাবে MRO, পাইলট ট্ৰেইনিঙৰ বাবে চিমুলেশ্যন চেণ্টাৰৰ দৰে ব্যৱস্থা গুৱাহাটী বিমানবন্দৰত দেখা পাব অসমবাসীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যখনে চৌদিশে আগবাঢ়িছে।’’
‘‘গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। কংগ্ৰেছৰ কোনো এজন প্ৰধানমন্ত্ৰীয়ে সন্মান নিদিলে। বাজপেয়ী আৰু মোদীয়েহে গোপীনাথ বৰদলৈক সন্মান দিছে।’’
