Friday, May 1, 2026
Homeঅসমলুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ

লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ

নতুন টাৰ্মিনেলত প্রধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটোও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টাৰ্মিনেল মুকলিৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে জনসভাক।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘পূৰ্বোত্তৰৰ বিকাশে আমাক শক্তি দিয়ে। আজি অসমৰ বিকাশত নতুন অধ্যায় সন্নিৱিষ্ট হ’ল। এনেকুৱা সময়ত ভাৰতৰত্ন ভূপেনদাৰ এটা শাৰী খাপ খাই পৰে। লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ। অৰ্থাৎ লুইতৰ পাৰ জিলিকি উঠিব। ভূপেনদাৰ এই বাক্য শাৰীটো কেৱল গান নাছিল। অসমক ভালপোৱা সকলো মহান আত্মাৰ সংকল্প আছিল। যেনেকৈ অসমৰ বিশাল ব্ৰহ্মপুত্ৰৰ ধাৰা ৰৈ নাযায়, ঠিক তেনেদৰে বিজেপিৰ ডাবল ইঞ্জিনৰ বিকাশৰ ধাৰা অনবৰত বৈ আছে।’’

‘‘গোপীনাথ বৰদলৈ অসমৰ গৌৰৱ, অসমৰ ভৱিষ্যত আছিল। অসমৰ সৈতে এতিয়াহে ন্যায় হৈছে। অসমৰ বিকাশ কংগ্ৰেছৰ এজেণ্ডাতে নাছিল। কংগ্ৰেছে কৈছিল অসম, উত্তৰ-পূবলৈ কিয়নো যাব লাগে? কংগ্ৰেছে কৈছিল অসমত আধুনিক ৰে’ল, বিমানৰ কি দৰকাৰ? কংগ্ৰেছে ৭ দশক ধৰি অসমৰ সৈতে ভুল কৰিছে, মোদীয়ে সেই ভুল এটা এটাকৈ শুধৰাই আছে। আপুনি যেতিয়া দেখে যে অসমত ধুনীয়া হাইৱে’, বিমানবন্দৰ হৈ আছে, আপুনিও কয় অসমৰ বাবে এতিয়া ন্যায় হৈ আছে। মোদীয়ে কয়, কংগ্ৰেছে অসমলৈ আহক-নাহক, মই অসমলৈ আহিমেই। মোৰ বাবে অসমৰ উন্নয়ন দায়িত্ব আৰু প্ৰয়োজনীয়। বিগত সময়ত কোটি-কোটি টকাৰ উন্নয়নৰ কাম হৈছে।’’‘‘বিগত ১১ বছৰত অসমত লাখ কোটি টকা বিনিয়োগ হৈছে। আজি অসম আগুৱাই গৈছে আৰু নতুন কীৰ্তি স্থাপন কৰিছে। ভাৰতীয় ন্যায় সংহিতা বলৱতৰ ক্ষেত্ৰত ভাৰতে প্ৰথম ৰাজ্য। অসমে ৫০ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ লগাই অভিলেখ গঢ়িছে। অসমত প্ৰথমে বিনা পইচাত চৰকাৰী চাকৰি পোৱা অসম্ভৱ আছিল, কিন্তু আজি অসমত এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে।’’

‘‘মই পাহৰা নাই বিগত বৰ্ষত ১১ হাজাৰ শিল্পীয়ে বিহুৰে গীণিজ ৰেকৰ্ড কৰিছে। বাঁহ অসমৰ অভিন্ন অংগ। ২০১৪ চনলৈ নিয়ম আছিল যে বাঁহ কাটিব নোৱাৰি, কিয়নো বাঁহ উদ্ভিদ আছিল। কিন্তু বিশ্বৰ সকলোৱে কৈছিল বাঁহ এবিধ ঘাঁহ। আমি বাঁহক ঘাঁহৰ পৰ্যায় দিলো। বিমানবন্দৰে যোগাযোগ সূচল কৰিলে।’’

‘‘আজি আমি অসমত অসীম সম্ভাৱনাৰ জোৱাৰ দেখা পাইছো। ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে। আমি ২০৪৭ৰ ভাৰতৰ বাবে কাম কৰি আছোঁ। বিকশিত ভাৰতত প্ৰতিখন ৰাজ্যৰ সমান অৱদান থাকিব লাগিব। অসম আৰু উত্তৰ-পূবে আমাৰ এই লক্ষ্যৰ নেতৃত্ব দিছে। অসম উত্তৰ-পূব ভাৰতৰ নতুন প্ৰৱেশদ্বাৰ। ভাৰতৰ বিকাশৰ নতুন প্ৰৱেশদ্বাৰ অসম। ব্ৰহ্মপুত্ৰত নিৰ্মিত দলংসমূহে যাতায়াত-যোগাযোগ শক্তিশালী কৰিছে। মোৰ এটা কাৰ্যকালতে ব্ৰহ্মপুত্ৰত ৪খন দলং সম্পূৰ্ণ হৈছে। ৰে’লৱে’ৰ ক্ষেত্ৰতো যুগান্তকাৰী পৰিৱৰ্তন আহিছে। হিমন্ত বিশ্ব শর্মা চৰকাৰে অবৈধ কাম-কাজ ৰোধৰ বাবে উঠিপৰি লাগিছে। অসমৰ সম্পদ, কেৱল অসমৰ মানুহৰ বাবেহে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰেও কঠোৰ স্থিতি লৈছে। একাংশ লোকে চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰিছে।’’

‘‘কংগ্ৰেছে আৰু এটা পাপ কৰিছিল। কংগ্ৰেছে অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল। এই ষড়যন্ত্ৰ স্বাধীনতাৰ আগৰে পৰাই চলি আছিল। অসমক অবিভাজিত বংগ অংশ কৰিবলৈ চক্ৰান্ত কৰিছিল। গোপীনাথ বৰদলৈৰ তৎপৰতাত কংগ্ৰেছৰ এই ষড়যন্ত্ৰ ওফৰাইছিল। কিন্তু বৰদলৈৰ পিছত কংগ্ৰেছে পুনৰ অসম বিৰোধী কাম আৰম্ভ কৰিলে। কংগ্ৰেছে ভোট বেংকৰ বনাবলৈ ধৰ্মীয় তুষ্টিকৰণ কৰিলে। বংগ আৰু অসমত ভোটবেংকৰ বাবে অবাধ অনুপ্ৰৱেশক উৎসাহ দিলে। অসমৰ জনগাঁথনি সলনি কৰি পেলোৱা হ’ল। অনুপ্ৰৱেশকাৰীসকলে অসমৰ ভূমি, বনাঞ্চলসমূহ দখল কৰি ল’লে। ফলত অসমৰ পৰিচয় আৰু সুৰক্ষা বিপদত পৰিছে।’’ ‘‘ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ সম্পদক অবৈধ দখলৰ পৰা মুকলি কৰাৰ কাম কৰি আছে। অসমৰ সম্পদ অসমৰ লোকৰ কামত লগাবলৈ কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰেও অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ SIR, SR কৰি থকা হৈছে। কিন্তু কংগ্ৰেছ আৰু I.N.D.I.A. গোটৰ লোকে দেশবিৰোধী কাৰ্যত লিপ্ত হৈছে। তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ সুৰক্ষাৰ বাবে ভাষণ দি আছে। তেওঁলোকৰ অধিবক্তাই অনুপ্ৰৱেশকাৰীক বচাবলৈ লাগি আছে। এনে লোকে অসমৰ ভাই-ভনীৰ হিত হ’বলৈ দিয়ে। এনে লোকে অসমৰ ভূমি আৰু বনত অনুপ্ৰৱেশকাৰীক বহিবলৈ দিব। এই লোকসকলে অশান্তি আৰু হিংসা বিয়পাবও পাৰে। সেয়ে অসমৰ ভাই-ভনীসকলে বহুত সাৱধানে থাকিব লাগিব। কংগ্ৰেছৰ সকলো ষড়যন্ত্ৰ প্ৰতিপল বিফল কৰিব লাগিব। অসমৰ বিকাশৰ গতি পথচ্যুত হোৱাৰ পৰা বচাব লাগিব। অসমৰ লোকসকল একতাৰে থাকিব লাগিব। ভাৰতৰ ভৱিষ্যতৰ নতুন সূৰ্যোদয় অসমৰ পৰাই হ’ব লাগিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments