Tuesday, March 24, 2026
Homeঅসমনিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দিছপুৰৰ গাদী দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনৰ বতৰত অসমলৈ আগমন হ’ব এগৰাকীৰ পিছত আন এগৰাকী হাইপ্ৰফাইল নেতাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।

১ এপ্ৰিল, ৫ এপ্ৰিল আৰু ৬ এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ ৩ দিনকৈ অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে।

২৯ মাৰ্চ, ২ এপ্ৰিল আৰু ৭ এপ্ৰিলত অসমত প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দুদিনকৈ অসমত বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ২৯ আৰু ৩০ মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ নীতিন নবীন আহিব।

২৯ মাৰ্চ, ৩০ মাৰ্চ, ১ এপ্ৰিল, ২ এপ্ৰিল, ৫ এপ্ৰিল, ৬ এপ্ৰিল আৰু ৭ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টিৰ ষ্টাৰ কেম্পেইনাৰে। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমান্তৰালকৈ অসমলৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। ৩১ মাৰ্চত গুৱাহাটীত প্ৰচাৰ চলাব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments