সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)কেন্দ্ৰীয় সমিতিৰ সভা সভাপতি ৰেজান হৰো নেতৃত্বত গুৱাহাটী গণেশগুৰিৰ হোটেল লা চান চিটি হোটেলৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় ৷ সভাত উদ্দেশ্য ব্যাখ্যাত দেবেন উৰাঙে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত আছা ই আৰম্ভণি কৰা ৰাজনৈতিক আন্দোলন আগবঢ়াই লৈ কি ধৰণে ১৭ টা সমষ্টিত ঝাৰখাণ্ড মুক্তি মৰ্চা (JMM) আৰু জয় ভাৰত পাৰ্টিয়ে (JBP) প্ৰক্ষেপ কৰা প্ৰাৰ্থী সকলক জয়যুক্ত কৰাৰ পৰিকল্পনা যুগুত কৰাৰ অৰ্থে এই সভাখন আহ্বান কৰা হৈছে বুলি উল্লেখ কৰে ৷
বিজেপিয়ে আদিবাসী সকলৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজূৰি বৃদ্ধি কে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ ব্যৰ্থ হোৱাৰ প্ৰতিবাদ এই বাৰ বিধানসভা আছাই ৰাজনৈতিক আন্দোলন কৰি শাসকীয় পক্ষক এহেকনী দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ এক তৃতীয়াংশ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
আছাই তিনচুকিয়া জিলাৰ ডিগবৈ ,মাৰ্ঘেৰিটা ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল,দুলীয়াজান,নাহৰকটীয়া ,টিংখাং চৰাইদেউ জিলাৰ সোনাৰি গোলাঘাট জিলাৰ খুমটাই সৰুপথাৰ লক্ষীমপুৰ জিলাৰ ৰঙানদী বিশ্বনাথ জিলাৰ বিশ্বনাথ শোণিতপুৰ জিলাৰ ৰাঙাপাৰ ,বৰচলা ওদালগুৰি জিলাৰ মাজবাট,ভেৰগাঁৱ কোকোৰাঝাৰ জিলাৰ গোসাঁইগাও আদি সমষ্টিত ঝাৰখাণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থী সকলক জয়যুক্ত কৰাৰ পূৰ্ণ প্ৰয়াস কৰিব ৷ যিবিলাক সমষ্টিত JMM আৰু JBP প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই সেই সমষ্টি সমূহত শাসকীয় পক্ষই বিৰোধে আছাই ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাব ৷
আজিৰ গুৰুত্ব পূৰ্ণ সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ডেভিদ জে তিৰ্কী আৰু সহকাৰী সম্পাদক পুৰণ গঞ্জুক বিজেপিৰ লগত মিতিৰালি কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰো আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙৰ বিৰোধে সংবাদ মাধ্যমত মনে সজা অভিযোগ উত্থাপন কৰি জনমানসত হেয় প্ৰতিপন্ন প্ৰয়াস কৰাৰ অভিযোগত আজিৰ পৰা কায্যকৰি হোৱাকৈ আছা ৰ প্ৰাৰ্থমিক সদস্যৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু একে অভিযোগত এডমাণ্ড এন্দ্ৰ চাওৰা আৰু অনিল টপ্পক আজিৰে আছাৰ উপদেষ্টা পদ খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
