Wednesday, March 25, 2026
Homeঅসমনতুনকৈ শুভ উদ্বোধন কৰা হয় খটখটিত ৰেলৱে সুৰংগ পথ

নতুনকৈ শুভ উদ্বোধন কৰা হয় খটখটিত ৰেলৱে সুৰংগ পথ

নতুনকৈ শুভ উদ্বোধন কৰা হয় খটখটিত ৰেলৱে সুৰংগ পথ

খটখতি বাসীৰ বাবে সুখবৰ।আজি বহু দিনীয়া এটা সপোন যেন বাস্তৱিত হল।

আজি NF ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয় খটখতি ডিমাপুৰৰ মধ্য ভাগত অৱস্থিত চান্দে বজাৰৰ সমীপত ৰেলৱে লাইনেৰে যোৱা সুৰংগ পথটো।

স্থানীয় ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আজি এই পথটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়।

সুৰংগ পথটো আটক ধুনীয়াকৈ নিৰ্মান কৰি তোলাত অৰিহণা আছিল ঠিকাদাৰ প্রদীপ ক’ৰৰ।

সুৰংগ পথটো মুকলি কৰি দিয়াত স্থানীয় লোক সকল উৎফুল্লিত হৈ পৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৰেলৱে বিভাগক।

ৰেলৱে লাইনত কোনো সময়ত ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হয় যাত্ৰী সকল,ৰোগী,ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ অসুবিধা সন্মুখীন হব লগাত পৰিছিল।এতিয়াৰ পৰা যেন কোনো ধৰণৰ অসুবিধা সন্মুখীন হব লগা নহব।

NF ৰেলৱে মহা প্ৰবন্ধক গৰাকীৰ লগতে ভালে কেইজন উচ্চ প্ৰদস্ত বিষয়া সকল উদ্বোধন অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments