Thursday, March 26, 2026
Homeঅসমগৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ বৰপেটা মেডিকেল কলেজৰ নাম ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰিম বুলি গৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যদি অসমীয়া মানুহ এক হৈ নাথাকে, লাগিলে যিয়েই নকওক কিয় আমি আৰু ১০ বছৰ পাছত বৰপেটা জিলাত কোনো জীয়াই থাকিব নোৱাৰোঁ। সকলোৱে গুৱাহাটীলৈ উঠি যাব লাগিব। আপোনালোকে চিন্তা নকৰিব। বৰপেটাত বেটাহঁতে যিমান চৰকাৰী মাটি দখল কৰি আছে, এটা এটাকৈ খেদিম এইবাৰ। যিয়ে চৰকাৰী মাটিত বহি আমাৰ ওপৰত ৰজা হ’ব বিচাৰিছে। মই মুখ্যমন্ত্ৰী হোৱাৰপৰা আগৰদৰে বাহাদুৰি দেখুৱাব নোৱাৰে। যোৱাবাৰ ঠেং-ভৰি ভঙা হৈছিল, এইবাৰ কামিহাড় ভাঙি দিম, যাতে অসমত আৰু কেতিয়াও অসমীয়া মানুহৰ ওপৰত ৰঙা চকু দেখুৱাব নোৱাৰে।’’

‘‘মই যেতিয়া বৰপেটালৈ আহিছিলোঁ তেতিয়া বহুতে মোক সুধিছিল যে আমাৰ বৰপেটা কলেজৰ নামটো কিয় বৰপেটা মেডিকেল কলেজ নহয়। মই কৈছিলোঁ ঠিক আছে। মই গুৱাহাটীলৈ গৈয়েই ফকৰুদ্দিন আলী আহমেদৰ নামটো কাটি বৰপেটা মেডিকেল কলেজ দিম। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়ায়ো অনুৰোধ কৰিছিল। ৰাইজেও কৈছিল। মইতো ৰাইজৰ কথামতে চলিব লাগিব। গুৱাহাটীলৈ গৈয়েই মই নামটো সলনি কৰি দিলোঁ। কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মন্দিয়াত মিটিং কৰিছে। মন্দিয়ালৈ গৈ গৌৰৱ গগৈয়ে কৈছে, কংগ্ৰেছ চৰকাৰে আহিলে বৰপেটা মেডিকেল কলেজৰ নামটো পুনৰ সলনি কৰি ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটা কথাই কৈছোঁ। গৌৰৱ গগৈয়ে অলপ শুনি লওক। এই জিন্দেগীত নহয়, পিছৰ জিন্দেগীতো আপুনি নাম সলাব নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া অসমত নচলিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments