আজি আৰু কাইলৈৰ দিনটোৰ বাবে বতৰৰ সতৰ্কতা জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি শুকুৰবাৰে চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও জিলাৰ ঠাইবিশেষে বিজুলী-গাজনিসহ শিলাবৃষ্টিৰ সৈতে ঘণ্টাত ৬০ কিঃ মিঃৰ পৰা ৭০ কিঃ মিঃ বেগত প্রচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে।
ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা কোকৰাঝাৰ, বজালী, তামুলপুৰ আৰু নলবাৰী জিলাৰ ঠাই বিশেষে বিজুলী-গাজনিসহ ঘণ্টাত ৬০ কিঃ মিঃ ৰ পৰা ৭০ কিঃ মিঃ বেগত প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে।
কাইলৈ শনিবাৰে কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ দুই-এঠাইত বিজুলী-গাজনিসহ প্ৰবল (২৪ ঘণ্টাত ৭ৰ পৰা ১১ ছে.মি.)ৰ সৈতে ঘণ্টাত ৪০ৰ পৰা ৫০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।কেৱল ধুমুহা-বৰষুণেই নহয়, অসমত অৱস্থান কৰি আছে ঘূৰ্ণিবতাহো। এটা উচ্চ বায়ুমণ্ডলীয় ঘূৰ্ণিবতাহ উত্তৰ-পূব অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সমুদ্রপৃষ্ঠৰ পৰা ১.৫ কিঃমিঃৰ পৰা ৩.১ কিঃমিঃ উচ্চতাৰ মাজত অৱস্থান কৰি আছে।
আন এটা উচ্চ বায়ুমণ্ডলীয় ঘূর্ণিবতাহ উত্তৰ-পূব বাংলাদেশ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সমুদ্রপৃষ্ঠৰ পৰা ০.৯ কিঃমিঃৰ উচ্চতাত অৱস্থান কৰি আছে। আন এটা উচ্চ বায়ুমণ্ডলীয় ঘূর্ণিবতাহ দক্ষিণ গংগীয় পশ্চিম বংগ আৰু ইয়াৰ দাঁতিকাষৰীয়া উত্তৰ ওড়িশাৰ ওপৰত সমুদ্রপৃষ্ঠৰ পৰা ১.৫ কিঃমিঃৰ উচ্চতাত অৱস্থান কৰি আছে।
