বুধবাৰে বিহালীত দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱক স্মৰণ প্ৰধানমন্ত্ৰীৰ। মোদীয়ে কয়, ‘‘বাবা বিশ্বনাথৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে। বিশ্বনাথত বিজেপি-NDAক জনতাই আঁকোৱালি ল’ব। আকৌ এইবাৰ NDA চৰকাৰ গঠন হ’ব।
‘‘জনসমুদ্ৰলৈ ৰূপান্তৰ হৈছে এই প্ৰচাৰ সভা। এই বিশাল জনসমাগম দেখি কংগ্ৰেছৰ বুকু কঁপিব। অসমৰ জনতাৰ হৃদয়ত সদায় NDA আছে। অসমত জয়ৰ হেট্ৰিক হ’ব। মোৰ বাবে আপোনালোকেই মোদী। ঘৰে ঘৰে গৈ আপোনালোকে যি প্ৰতিশ্ৰুতি দিব, সেই প্ৰতিশ্ৰুতি মই পূৰণ কৰিম।’’
‘কংগ্ৰেছৰ দুৰ্নীতিৰ বাবে অসমৰ উন্নয়ন হোৱা নাছিল। কংগ্ৰেছৰ বাবেই অসম বহুত পিছপৰি ৰৈছিল। বেদখলকাৰীৰ বিৰুদ্ধে বিজেপিয়ে চলাইছে অভিযান। কংগ্ৰেছে পুনৰ বেদখলকাৰীক সংস্থাপন দিব। ভাবি-চিন্তি আপোনালোকে ভোটদান কৰিব। আপোনাৰ এটা ভোটেই অসমৰ সুৰক্ষা।’’ ভাষণত কনকলতা বৰুৱাক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ‘‘১৮বছৰীয়া এগৰাকী ছোৱালীয়ে দেশৰ বাবে প্ৰাণ দিছিল। তথাপি হাতৰ পৰা দেশৰ পতাকা পৰিবলৈ নিদিলে।’’
অসমত কংগ্ৰেছৰ পৰাজয়ৰ হেটট্ৰিক হ’ব। কংগ্ৰেছৰ তথাকথিত ৰাজকুমাৰৰ পৰাজয়ৰ শতক হ’ব। অসম বিজেপিক ধন্যবাদ জনাই মোদীয়ে কয়, মঙলবাৰে প্ৰকাশ হোৱা সংকল্প পত্ৰই অসমৰ মংগল সাধন কৰিব। ২২ লাখ লোকে পকীঘৰ লাভ কৰিছে। পকীঘৰ লাভ কৰা লোকে নতুন জীৱন লাভ কৰিছে। অনাগত সময়ত ১৫ লাখ লোকে পকীঘৰ লাভ কৰিব। দৰিদ্ৰ শিক্ষাৰ্থীয়ে বিনামূলীয়া শিক্ষা লাভ কৰিব।
