Thursday, April 2, 2026
Homeঅসমৰাহুল গান্ধীৰ মুখত Justice for Zubeen

ৰাহুল গান্ধীৰ মুখত Justice for Zubeen

ৰাহুল গান্ধীৰ মুখত Justice for Zubeen। কংগ্ৰেছৰ দলৰ চৰকাৰ গঠন হ’লে জুবিনক দিব ন্যায়। জুবিন পৰিয়ালৰ বাৰম্বাৰ অনুৰোধ সত্ত্বেও জুবিনক লৈ ৰাজনীতি কৰিবলৈ নাপাহৰিলে কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে।

ৰাজ্যৰ পাহাৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া আৱেগ সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ আধাৰত তিনি পাৰ্বত্য জিলাক
স্বায়ত্তশাসিত ৰাজ্যৰ মৰ্যাদা দিয়াৰ কথাও ঘোষণা কৰে ৰাহুলে। কাৰ্বি আংলঙৰ বোকাজানত এই ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

বোকাজানৰ হানজাংলাংছ’ খেলপথাৰত বিশাল নিৰ্বাচনী সভাত পাহাৰৰ ৬গৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে। বিৰোধী দলপতিগৰাকীয়ে কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ কথাও ঘোষণা কৰে সভাত। বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ’লে হিমন্তবিশ্ব শৰ্মাই কংগ্ৰেছৰ ওচৰত পুনৰ শৰণাপন্ন হ’ব যদিও এই সুবিধা তেওঁক পুনৰাই দিয়া নহ’ব বুলিও হুংকাৰ ৰাহুল গান্ধীৰ।

APCC ৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছৰ চৰকাৰ হ’লেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২০০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰাৰ হ’ব বুলি ঘোষণা কৰে। পৰিষদৰ বন বিভাগতে সৰ্বাধিক দুৰ্নীতি হোৱা বুলি গৌৰৱে উল্লেখ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments