আজি ধুবুৰীৰ গৌৰীপুৰত APCC ৰ সভাপতি গৌৰৱ গগৈ।
গৌৰীপুৰ বিধানসভা অন্তৰ্গত মটেৰঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত গৌৰৱ গগৈ।
০৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ আৰু গোলকগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱে।
সভাত – আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ধুবুৰী জিলাৰ আমছু নেতা আব্দুল বাতেন সেখ।
ভাষণত কয়,
দুয়োগৰাকী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।
কংগ্ৰেছৰ লক্ষ্য ভুমি পট্টা প্ৰদান কৰা, হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ হলে কংগ্ৰেছৰ প্ৰাৰ্থীক জিকাওক।
হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।
ভৰি চুই সিদ্ধাৰ্থ ভট্টাচাৰ্য দ্বাৰা বিজেপিত সোমালে, এইবাৰ বিজেপিৰ টিকট নিদিলে।
চৰকাৰী স্কুল বন্ধ কৰি বেচৰকাৰী স্কুল খুলিছে হিমন্ত বিশ্ব চৰকাৰে।
হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰুৱা বনালে। ঋণ মাৰিবলৈ চাৰিওফালে মদৰ দোকান খুলিছে।
হিন্দু ধৰ্মৰ ৰক্ষক বুলি কৈ গৰু ছেণ্ডিকেট চলা মানুহক টিকট দিয়ে।
হিমন্ত বিশ্ব শৰ্মাই পুনৰ এআইইউডিএফ ক পুনৰ জীৱিত কৰিব বিচাৰিছে।
ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ ৰ ভোট লৈ ৰাজ্যসভাৰ সাংসদ পাতিলে বিজেপিয়ে।
যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই বিচাৰে তেতিয়াই আজমলে বিজেপিক সহায় কৰে।
বিৰোধী দল একত্ৰিত হোৱাত হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে।
এআইইউডিএফ দলৰ বাছৰ টায়াৰ পামচাৰ কৰি দিছে কংগ্ৰেছে।
মূখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ ক ফোন কোৱাৰ পিছতে অমিত শ্বাহৰ বি টীম আছাউদ্দিন ওৱেছি ক পঠাই দিলে।
নাম নোলোৱাকৈ ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিঞা ক সমালোচনা।
কংগ্ৰেছ এৰি বেলেগ দলত গৈছে, তেওঁলোকক ছয় বছৰৰ বাবে কংগ্ৰেছত যোগদান কৰিব নোৱাৰে।
আপোনালোকে মোক বিচাৰিলে আব্দুছ ছোবাহান আলী সৰকাৰ ক ভোট দিয়ক।
আমি নিজৰ ডাঙৰ বাগান কৰিবলৈ ৰাজনীতিত অহা নাই। আমি নিজৰ নামত হেজাৰ হেজাৰ মাটি কিনিবলৈ ৰাজনীতিত অহা নাই।
ছমাহ পাৰ হৈ গল এতিয়া গম পোৱা নাই জুবিন গাৰ্গৰ লগত কি হল।
আমাৰ চৰকাৰ অহাৰ ১০০ দিনৰ ভিতৰত আমি ন্যায় দিম।
কংগ্ৰেছ চৰকাৰ আহিলে, শ্যামকানু মহন্তৰ লগত থকা ভাল সম্পৰ্ক আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগত থকা বিজেপিৰ সম্পৰ্ক আমি ফাদিল কৰিম।
বয়োজ্যেষ্ঠ সকলৰ বাবে ১২৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি গৌৰৱ গগৈৰ।
মূখ্যমন্ত্ৰীৰ ওচৰত ১২ হেজাৰ মাটি, কিন্তু দুখীয়া ৰাইজক আমি মাটি দিব।
গৌৰীপুৰত কংগ্ৰেছ প্ৰাৰ্থী জিকিব বুলি মন্তব্য গৌৰৱ গগৈৰ।
