৭০ নং বিধানসভা সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ ৷ শাসক বিৰোধীৰ লগতে নতুনকৈ ৰাজনীতত প্ৰৱেশ কৰা জয় ভাৰত পাৰ্টিও পিছ পৰি ৰোৱা নাই ৷ সকলো ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেনাৰ আহি নিজৰ দলৰ প্ৰাৰ্থী গৰাকীৰহৈ চলাইছেহি প্ৰচাৰ অভিযান ৷ আজি বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচনৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ সামান্তৰালকৈ জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থী তেহাৰু গৌড়ৰ হৈ মুখৰগড়ত ঝাৰখণ্ডৰ বিধায়িকা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেনৰ সহধৰ্মিনী কল্পনা মুৰ্মু চৰেনে জয় ভাৰত পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তেহাৰু গৌড়ৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল যদিও হেলিকপ্টাৰৰ কিবা বিজুতিৰ কাৰণে সশৰীৰে অংশগ্ৰহণ কৰিব নোৱাৰিলেও যদিও ভইচ কলিংৰ জৰিয়তে সুন্দৰকৈ ৰাইজক ভাষণ প্ৰদান কৰি তেহাৰু গৌড়ক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবৰ বাবে আহ্বান জনায় ৷ সভাত অগণন লোকৰ সমাগমৰ পৰিলক্ষিত হয়৷ জয় ভাৰত পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব বুলি মনোনীত প্ৰাৰ্থী তেহাৰু গৌড়ে মন্তব্য কৰে৷
