Tuesday, April 7, 2026
Homeঅসম'তামুলপুৰত উপ নিৰ্বাচন নহয়, ইয়াত বিধায়ক হোৱাৰ বাবে নিৰ্বাচন খেলিছোঁ'

‘তামুলপুৰত উপ নিৰ্বাচন নহয়, ইয়াত বিধায়ক হোৱাৰ বাবে নিৰ্বাচন খেলিছোঁ’

নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ৰাজ্য সভাৰ সাংসদ তথা তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ সংবাদ মেল।

সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটো শান্তিপূৰ্ণ ভাৱে আগবঢ়াই নিয়াৰ বাবে UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ পৰা বুথ পৰ্যায়ৰ সকলো দলীয় কৰ্মীক কৃতজ্ঞতা জনাই এইবাৰ ১২ খন আসন নিশ্চিত ভাবে পাব বুলি দাবী কৰি দলীয় স্থিতিৰ কথা উল্লেখ কৰে।

যোৱাবাৰ আমি সৰ্বোচ্চ কৰাৰ পিছতো আমি বিটিচিত চৰকাৰ বনাব নোৱাৰিলোঁ যিটো এটা ষড়যন্ত্ৰ আছিল।এইবাৰ আমি সকলোৰে সৈতে আলোচনা কৰি বিধান সভাত অকলে নিৰ্বাচন খেলিছোঁ যিটো ৰাইজেও আমাক ভাল পাইছে।

এইবাৰ নিৰ্বাচনত জয়ী হৈ বিধান সভাত আমাৰ বিধায়ক সকলে বলিষ্ঠ ভাৱে কাম কৰিব। আমি কোনো চৰ্তত যোৱা নাই যাৰ বাবে আমি নিজে সিদ্ধান্ত লৈছোঁ।

তেওঁৰ প্ৰতিদ্বন্দী বিশ্বজিৎ দৈমাৰী প্ৰসংগত কয় যে, মই তেখেতক শ্ৰদ্ধা কৰো কিন্ত তামুলপুৰৰ সৈতে মোৰ বহু সম্পৰ্ক আছে। 2020 চনত ৰাজনৈতিকত আহিছোঁ যদিও তামুলপুৰৰ নতুন মাত্ৰা আমি প্ৰদান কৰিছোঁ। এয়া নতুন তামুলপুৰৰ UPPL দলৰ ৰ যথেষ্ট অৰিহনা আছে। যিটো ৰাইজে পাহৰি যুৱ নাই।

তামুলপুৰত উপ নিৰ্বাচন নহয়। ইয়াত বিধায়ক হোৱাৰ বাবে নিৰ্বাচন খেলিছোঁ। হয়তো ৰাজ্য সভাৰ বাবে উপ নিৰ্বাচন হব পাৰে।

গৌৰৱ গগৈ নিজৰ মতে কাম কৰিছে, বিজেপি,বিপিএফ নিজৰ মতে কাম কৰিছে সেই মতে আমিও কাম কাজ নিজৰ মতে জিকাৰ বাবে যিখিনি ব্যবস্তা কৰিব লাগে সেইটো আমি কৰিছোঁ।

BTR আৰু অসমৰ স্বাৰ্থত UPPL দলে যিকোনো সিদ্ধান্ত লব পাৰে

আজিলৈ বহু সমস্যা সমাধান হোৱা নাই। ইয়াত উদাহৰণ হিচাবে BTR তথা অসমৰ বহু জনগোষ্ঠীৰ আজিও পপিছপৰা আৰু সুৰক্ষা লাভ কৰা নাই। যাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ এইবেলি আমি কাৰো লগত চৰ্ত হিচাবে মিত্ৰতা কৰা নাই। আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে মাত মতাৰ বাবে আগবাঢ়িম। যিটো আমাৰ মুখ্য ধাৰণ আৰু সিদ্ধান্ত হব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments