Friday, April 10, 2026
Homeঅসমডিব্ৰুগড় সদৰ থানাত উপস্থিত লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড় সদৰ থানাত উপস্থিত লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ।অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰী, অসম জাতীয় পৰিষদ আৰু কংগ্রেছ নেতৃত্বৰ সৈতে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছে নেতাগৰাকী।

উল্লেখ্য যে লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ গদাপাণিৰ বাসগৃহত আজি দিনৰ ভাগত ডিব্ৰুগড় আৰক্ষীয়ে চলাইছি তালাচী।লুৰীণজ্যোতি গগৈৰ বাসগৃহৰ প্ৰতিটো কোঠা তন্নতন্নকৈ পৰীক্ষা কৰিছিল আৰক্ষীয়ে। লুৰীণজ্যোতি গগৈৰ বাসগৃহত অভিযান চলোৱাৰ পিছত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছতে উভতি গৈছিল আৰক্ষীৰ দলটো।

উল্লেখ্যে যে ভোটগ্ৰহণৰ সময়ত খোৱাং সমষ্টিৰ কুটুহাত হৈছিল উত্তপ্ত পৰিস্থিতি। অসম জাতীয় পৰিষদ আৰু বিজেপি কৰ্মীৰ মাজত হৈছিল প্ৰচণ্ড মাৰপিট।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments