- গোলকগঞ্জৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সেনৰ মৃত্যু
- উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু সাংবাদিকগৰাকীৰ
- আজি পুৱা চিকিৎসালয়ত মৃত্যু হয় প্ৰদীপ সেনৰ
সাংবাদিকতা কৰা লগতে জিলাখনৰ গোলকগঞ্জৰ আগমনি প্ৰেছ ক্লাবৰ সভাপতিৰ পদকে ধৰি বহুত সামাজিক কামত নিয়েজিত হৈ আছিল।
শনিবাৰে পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত।
চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।
কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ।
ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী কন্যা সন্তান এৰি থৈ যায়।
প্ৰদীপ কুমাৰ সেনৰ মৃত্যুত ধুবুৰী জিলা সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে
ANEWS24X7 তৰফৰ পৰাও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতি কামনা কৰিলো
