Thursday, April 16, 2026
Homeঅসমভোট গ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত থকা নিৰ্বাচনী বিষয়া নিৰুদ্দেশ

ভোট গ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত থকা নিৰ্বাচনী বিষয়া নিৰুদ্দেশ

ভোট গ্ৰহণ কেন্দ্ৰত কৰ্মৰত অৱস্থাত থকা এগৰাকী নিৰ্বাচনী বিষয়া নিৰুদ্দেশ হোৱাৰ এক চাঞ্চল্যকৰ খবৰ সম্প্ৰতি পোহৰলৈ আহিছে। উল্লেখযোগ্য যে যোৱাকালি অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰংমংৱে মণ্ডলৰ অন্তৰ্গত ১৯ নং চাৰ্পো কাঠাৰ এল. পি. স্কুলৰ পৰা তৃতীয় পোলিং বিষয়া কৰ্ণেলিয়াছ কিন্দো নামৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ হৈ থকা বুলি গম পোৱাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ৰহিত মাৰ্ডি, উপ-সভাপতি উমানন্দ বাউৰি , বিষ্ণু মুণ্ডাকে ধৰি এক প্ৰতিনিধি ৰংমংৱে থানাত বুজ ল’বলৈ উপস্থিত হয়।
নিৰুদ্দেশ হোৱাৰ কিছু সময়ৰ পূৰ্বে পৰিয়াল তথা ভোট কেন্দ্ৰত কৰ্মৰত সহকৰ্মী সকলে জানিবলৈ দিয়া মতে কৰ্ণেলিয়াছ কিন্দো নামৰ ব্যক্তি গৰাকীয়ে অসুস্থ হৈ ঘৰলৈ যাবলৈ বিচৰা বুলি সকলোকে অৱগত কৰে যদিও এই পৰ্যন্ত ঘৰলৈ গৈ পোৱা নাই বুলি ব্যক্তি গৰাকীৰ আত্মীয়ই জানিব দিছে। আনহাতে ব্যক্তি গৰাকীৰ মোবাইলটো বৰ্তমান চুইছ অফ হৈ থকা বুলিও আত্মীয় গৰাকীয়ে লগতে এক বাৰ্তা যোগে জানিব দিয়ে। আশ্চৰ্য্যজনকভাৱে মোবাইলটো সম্প্ৰতি চুইছ অফ হৈ থকা দেখাইছে যদিও মোবাইলৰ লোকেচন কিন্তু বিশ্বনাথ জিলাৰ আশে-পাশেহে দেখুৱাইছে বুলিও উক্ত সূত্ৰটোৱে প্ৰকাশ কৰিছে। আত্মীয়ৰ পৰা পোৱা এক বাৰ্তা অনুসৰি কৰ্নেলিয়াছ কিন্দো নামৰ ব্যক্তিগৰাকী কাৰ্বি আংলং জিলাৰ লুম্বাজং ব্লকৰ অন্তৰ্গত কঁঠালগুৰি নেপালী বস্তি এল.পি. স্কুলৰ ৰঙাপাহাৰ ক্লাষ্টাৰৰ টেট শিক্ষক হিচাপে কৰ্মৰত আছিল। কোনো ব্যক্তি অথবা সংগঠনে নিৰুদ্দেশ হৈ থকা মানুহ জনক যদি ক’ৰবাত দেখা পাই নতুবা যদি কিবা সন্ধান পায় তেনেহলে ওচৰৰ আৰক্ষী থানাত জনাবলৈ “আছা” কাৰ্বি আংলং জিলা সমিতি ও পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments