Thursday, April 30, 2026
Homeঅসমজুবিন গাৰ্গৰ সৈতে শ্যামকানু মহন্তই কৰিছিল ভয়ংকৰ কাণ্ড

জুবিন গাৰ্গৰ সৈতে শ্যামকানু মহন্তই কৰিছিল ভয়ংকৰ কাণ্ড

ফাষ্টট্রেক আদালতত মুখ ঠেকেচা খালে শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ।ফাষ্টট্রেক আদালতে নাকচ কৰিলে শ্যামকানু মহন্তৰ জামিন আবেদন। জে’লতে থাকিব লাগিব জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত।দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখিছিল আদালতে। আজি চূড়ান্ত ৰায়দান কৰে ফাষ্টট্ৰেক আদালতে।লগতে, শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈ আদালতত কৰা আবেদনো খাৰিজ কৰে আদালতে।

আদালতত আবেদন জনাইছিল শ্যামকানু মহন্তৰ অধিবক্তাই।১১ এপ্ৰিলত শ্যামকানু মহন্তই কৰিছিল জামিন আবেদন। শ্যামকানুৰ হৈ জামিন আবেদন দাখিল কৰিছিল অধিবক্তাই।আদলতত পোহৰলৈ আহে যে ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল শ্যামকানু মহন্তই দিছিল। সেয়া আদালতৰ মজিয়াত প্ৰমাণ দিছিল ছিংগাপুৰৰ সাক্ষীয়ে। জুবিনৰ শাৰীৰিক অৱস্থাৰ কথা ২০২২ চনৰ পৰাই জানিছিল শ্যামকানু মহন্তই।

কিন্তু জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থাৰ কথা গম পায়ো কানুৱে প্ৰাণৰ শিল্পীগৰাকীক দিয়া নাছিল মেডিকেল এচিছটেণ্ট।কেৱল সেয়াই নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যামকানু মহন্তই পলায়ন কৰিছিল মালয়েছিয়ালৈ। পৰৱৰ্তী সময়ত ন’টিছ জাৰি কৰাৰ পাছতো শ্যামকানু অহা নাছিল SITৰ ওচৰলৈ। আৰক্ষীয়ে ধৰি আনিব লগা হৈছিল শ্যামকানুক। শ্যামকানুক জামিন দিলে পলাই যোৱাৰ সম্ভাৱনা অধিক, যাৰ বাবে বিশেষ ফাষ্টট্ৰেক আদালতে জামিন আবেদন নাকচ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments