ফাষ্টট্ৰেক আদালতত উপস্থিত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। সংবাদ মাধ্যমৰ আগত অনিতা ডেকা মহন্তই কয়, ‘‘মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৰায়দান যাতে আমাৰ পক্ষত হয়। ৰায়দান আমাৰ পক্ষত হ’লেও ঈশ্বৰৰ ইচ্ছা, আৰু যদি নহয়ো সেয়াও ঈশ্বৰৰ ইচ্ছা বুলিয়েই মানি লৈ আমি বেলেগ চিন্তা কৰিম।’’
লগতে অনিতা ডেকা মহন্তই কয়, ‘‘ফেচবুকত এটা বেলেগ মাতক লৈ মোৰ বিৰুদ্ধে ব্যাপক চৰ্চা লাভ কৰিছে। এটা ভুৱা অডিঅ’ক লৈ মোক সামাজিক মাধ্যমত খুব গালি পাৰি আছে৷ মাতটো মোৰ লগত নিমিলে৷ তাৰ পিছতো সামাজিক মাধ্যমত কোনোবাই মোক এচিড ঢালি দিম বুলি ভাবুকি দিছে৷’’
জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ মন্তব্যক লৈ শ্যামকানু মহন্তৰ পত্নীয়ে কয়, ‘‘পৰহি সংবাদ মাধ্যমযোগে পাৰ্থ গোস্বামী নামৰ এজনে মোৰ বিৰুদ্ধে যিবোৰ কথা কৈছে, যেন তেওঁ মোক সন্মুখত পালে কাটিয়েই পেলাব৷ সেই অডিঅ’টো মোৰ নহয়েই৷ বিগত ছয় অক্টোবৰ তাৰিখে এই সন্দৰ্ভত CIDত মই গোচৰ তৰিছো৷ মই মানুহৰ বিবেকক সুধিব খুজিছো৷ কোনোবাই কৈছে, এচিড ঢালিব, কোনোবাই কৈছে পেট্ৰ’ল ঢালি জ্বলাই দিব৷ আমি এখন আইনী যুঁজ চলাই আছো৷ যদি তেনেকুৱাই হয়, তেন্তে আমাক আদালত নালাগেই।’’
‘‘মই এতিয়াও ক’ম নিৰ্দোষী মানুহ এজনক জে’লত ভৰাই থৈছে৷ য’ত ঘটনা সংঘটিত হৈছিল, ছিংগাপুৰ আদালতে ইতিমধ্যে ৰায় দিছে তাত কোনো ফাউল প্লে’ হোৱা নাই বুলি৷’’
