Sunday, May 3, 2026
Homeঅসম৪ মে'ত কামৰূপ মহানগৰ জিলাত ড্ৰাই দে ঘোষণা

৪ মে’ত কামৰূপ মহানগৰ জিলাত ড্ৰাই দে ঘোষণা

কামৰূপ মহানগৰ, ৩ মে’: কামৰূপ মহানগৰ জিলা আয়ুক্তই এক নিৰ্দেশনাযোগে ৪ মে’ৰ ভোট গণনাৰ দিনটোত কামৰূপ মহানগৰ জিলাত ড্ৰাই দে’ ঘোষণা কৰিছে। ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী তথা খুচুৰা সুৰাৰ বিপণি, পন্যাগাৰ, ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই.এম.এফ.এল) তথা দেশীয় সুৰাৰ দোকান আদি বন্ধ থকাৰ লগতে সকলো ধৰণৰ সুৰাৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। তদুপৰি, ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানা আদি বন্ধ ৰাখিব লাগিব ড্ৰাই দে’ বাহাল থকাৰ সময়ত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুজ্ঞাপত্ৰ থকা সকলো ব্যৱসায়ী তথা‌ জনসাধাৰণক এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে আৰু নিৰ্দেশ উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments