Sunday, May 3, 2026
Homeঅসমঅসমৰ উদীয়মান সাঁতোৰবিদৰ শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ ঐতিহাসিক অভিযান

অসমৰ উদীয়মান সাঁতোৰবিদৰ শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ ঐতিহাসিক অভিযান

গুৱাহাটী, ৩ মে’: অহা ৫ মে’, মঙ্গলবাৰ ২০২৬ তাৰিখে শ্ৰীলংকাৰ পৰা ভাৰতৰ ধনুষ্কোডি পৰ্যন্ত বিস্তৃত ‘পাল্ক ষ্ট্ৰেইট’ত অসমৰ প্ৰতিভাশালী সাঁতোৰবিদসকলে এক দুঃসাহসিক ওপেন ৱাটাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এই কঠিন সমুদ্ৰপথত একক শাখাত আডিত্ৰী ৰয় চৌধুৰী আৰু কমল কৃষ্ণ দাসে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। আনহাতে, ৰিলে শাখাত কিউচেংহান ফুকন, জানভী ডাকুৱা আৰু কাংকিতা দাসে দলীয় প্ৰচেষ্টাৰে এই দুৰ্গম জলপথ অতিক্ৰম কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে।


অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জনাই যে, এই উদ্যোগে ৰাজ্যখনৰ ওপেন ৱাটাৰ সাঁতোৰত নতুন দিগন্ত উন্মোচন কৰিছে। সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অসমৰ অগ্ৰগতিক লৈ সন্তোষ প্ৰকাশ কৰি সকলো সাঁতোৰবিদলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।


কঠিন স্ৰোত, বতৰৰ অনিশ্চয়তা আৰু মানসিক দৃঢ়তাৰ পৰীক্ষাৰ মাজেৰে এই অভিযান অসমৰ ক্ৰীড়া ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments