আজি মাৰ্ঘেৰিটা চাহ বাগিচা কঁপাই ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
আটছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা এই কাৰ্যসূচীৰ যোগেদি বাগিচাৰ শিক্ষিত যুৱক যুৱতীক বাগিচাত খালি হৈ থকা পদত নিযুক্তিৰ দাবী।
আটছাৰ দাবীৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ সংগঠনটোৰ।
প্ৰতিবাদী শ্লগানেৰে আজি মাৰ্ঘেৰিটা বাগানস্থিত উপদেষ্টা কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰা হয় এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখা (আটছা) আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যত কৰ্মজীৱনক অন্ধকাৰলৈ ঠেলি দিয়া বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে, যাৰ বাবে আজি উপদেষ্টা গৰাকীৰ বাসগৃহৰ গেটৰ সন্মূখত ৫ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
চাহাবগিৰি বন্ধ কৰক, আটছা জিন্দাবাদ, কেলভিন ডেভিদ মূৰ্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ, ন জাষ্টিছ ন ৰেষ্ট, ইনক্লাৱ জিন্দাবাদ আদি প্ৰতিবাদী ধ্বনীৰে পৰিবেশ উত্তাল কৰি অনতি পলমে আটছাৰ দাবী পূৰণ কৰিবৰ বাবে দাবী জনায়, অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
