প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ এসপ্তাহ পিছতে জুবিনক্ষেত্ৰ উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। প্ৰাণ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা জুবিনক্ষেত্ৰত সেৱা জনাই শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। লগতে জুবিনক্ষেত্ৰ নিৰ্মাণকাৰ্যৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
জুবিনক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘লোক নিৰ্মাণ বিভাগে জুবিনক্ষেত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে। ৩ কোটি টকা ব্যয়েৰে জুবিনক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ হ’ব। জুবিনক্ষেত্ৰলৈ পাহাৰৰ পৰা মাটি খহি আহিব নোৱাৰাৰ ব্যৱস্থাও কৰা হ’ব।’’ সীমাৰ দেৱালৰ লগতে জুবিনৰ মূল সমাধি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ হ’ব বুলিও জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘‘জুবিনক লৈ ৰাজনীতি হোৱাৰ বাবেই সমাধিক্ষেত্ৰলৈ অহা নাছিলোঁ। ইয়াত জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হৈছিল। এইস্থানতে শেষকৃত্য কৰিবলৈ আমিয়েই ইয়াত আছিলোঁ। জুবিন গাৰ্গৰ সমাধিৰ স্থান নিৰ্ধাৰণ কৰিবলৈ মই ১৫বাৰ আহিছোঁ।’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতেও জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাই।
উল্লেখ্য যে ২২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীলৈ কৈছিল যে ‘‘আমাৰ দলৰ নেতা সকল নিৰ্বাচনৰ পাছতহে যাব জুবিনক্ষেত্ৰত। মই আকৌ মুখ্যমন্ত্ৰী হ’লেহে যাম জুবিন ক্ষেত্ৰত। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ।’’
