পুলৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ডক গুলীয়াই হত্যা। পাক-অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদত হত্যা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বুৰহান হামজাক। অজ্ঞাত লোকে গুলীয়াই হত্যা কৰে বুৰহান হামজাক। খবৰ অনুসৰি, পাকিস্তানৰ বাসিন্দা বুৰহান হামজাক নৃশংসভাৱে গুলীয়াই হত্যা কৰে বাইক আৰোহী দুৰ্বৃত্তই। বুৰহান হামজা আছিল আল বদৰৰ কমাণ্ডাৰ। হামজা জম্মু-কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল। বুৰহানৰ প্ৰকৃত নাম অৰ্জুমন্দ গুলজাৰ ডাৰ।
