Monday, June 1, 2026
HomeঅসমUCCত কি আছে?

UCCত কি আছে?

১) অসমৰ বাসিন্দা হওঁক বা নহওঁক ৰাজ্যৰ ভিতৰত একেলগে থকা পক্ষদ্বয়ে তেওঁলোকে বসবাস কৰা অঞ্চলটোৰ উপ-পঞ্জীয়কক তেওঁলোকৰ স্বেচ্ছামূলক আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্কৰ বিবৃতি দাখিল কৰাটো বাধ্যতামূলক।
২) ৰাজ্যৰ বাহিৰত বাস কৰা অসমৰ কোনো বাসিন্দাই স্বেচ্ছামূলক আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্কৰ বিবৃতি দাখিল কৰিব লাগিব।
৩) যদিহে আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা কোনো এক পক্ষৰ বয়স ২১ বছৰতকৈ কম হয়, তেন্তে পিতৃ-মাতৃ আৰু অভিভাৱকক অৱগত কৰিব লাগিব।
৪) আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্কৰ বিবৃতি দাখিল নকৰাকৈ এমাহতকৈ অধিক সময় একেলগে থকা যিকোনো ব্যক্তিক দোষী সাব্যস্ত হোৱাৰ পিছত ন্যায়িক দণ্ডাধীশৰ দ্বাৰা ৩ মাহ পৰ্যন্ত কাৰাবাস বা ১০ হাজাৰ টকাতকৈ অধিক জৰিমণা বিহা হ’ব।
৫) যদি কোনো মহিলাক তেওঁ স্বেচ্ছামূলক সম্পৰ্ক থকা পক্ষই পৰিত্যাগ কৰে, তেন্তে তেওঁ তেওঁৰ স্বেচ্ছামূলক সম্পৰ্কত থকা পক্ষৰ পৰা ভৰণ-পোষণৰ দাবী কৰাৰ অধিকাৰ থাকিব। এইক্ষেত্ৰত আদালতত যাবলৈ সুযোগ পাব।
৬) ইয়াৰ দ্বাৰা মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন অধিনিয়ম ২০২৪ বাতিল কৰা হৈছে আৰু এই সংহিতাৰ দ্বাৰা কৰা বাতিলে এনেদৰে বাতিলকৃত অধিনিয়মৰ অধীনত ইতিমধ্যে কৰা কামৰ বৈধ্যতা-অবৈধ্যতা, প্ৰভাৱ আৰু পৰিণতিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments