Monday, June 1, 2026
Homeঅসমচেঙাৰ ৰৌমাৰী পাথাৰৰ দানেছ আলী এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম...

চেঙাৰ ৰৌমাৰী পাথাৰৰ দানেছ আলী এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনৰ অৱসৰ গ্ৰহণ

চেঙাৰ ৰৌমাৰী পাথাৰৰ দানেছ আলী এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনৰ অৱসৰ গ্ৰহণ

অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কলছুমা হানুনক বিদ্যালয় কৰ্তৃপক্ষৰ বিদায় সম্বৰ্ধনা

 

৩১ মে’: বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী পাথাৰস্থিত দানেছ আলী এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনে আজি চৰকাৰী নীতি-নিয়ম অনুসৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। আজি দেওবাৰ হোৱা হেতুকে বিদ্যালয়ৰ তৰফৰ পৰা কালিয়েই অৱসৰী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনক বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে কালি বিদ্যালয় প্ৰাংগণত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জব্বৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায় সম্বৰ্ধনা সভাখন। ১৯৮৩ চনৰ পৰা অৰ্থাৎ বিদ্যালয়খন প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনত শিক্ষকতাৰ চাকৰিত যোগদান কৰি সুদীৰ্ঘ সময় মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ কলছুম হানুনে আজি ৩১ মে’ত শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

কালি অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে কলছুম হানুনৰ শিক্ষা পদ্ধতি, সৰলতা, ব্যক্তিত্বৰ বিষয়ে উল্লেখ কৰে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰি বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিন আলী, ৰৌমাৰী পাথাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি নহৰ আলী, বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক তথা সাংবাদিক হিমাংশু পাটগিৰিৰ লগতে সমাজৰ কেইবাগৰাকীও মুখিয়াল লোক সভাখনত উপস্থিত থাকি বক্তব্য প্ৰদান কৰি কলছুম হানুনৰ অৱসৰৰ পাছৰ সময়খিনিও সুখ আৰু শান্তিময় হোৱাৰ কামনা কৰে। বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিন আলীয়ে কলছুম হানুনৰ স’তে থকা আত্মীয়তা আৰু স্মৃতিৰ কথা উল্লেখ কৰাৰ লগতে কলছুম হানুনৰ ব্যক্তিত্বৰ বিষয়েও উল্লেখ কৰে।

সভাখনত অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনে ভাষণ প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ স’তে থকা স্মৃতি আৰু দায়বদ্ধতাৰ কথা উল্লেখ কৰি আৱেগিক হৈ পৰে। অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কলছুম হানুনক বিদ্যালয়ৰ তৰফৰ পৰা গামোচা, পিতলৰ শৰাই আৰু মানপত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও পূজনীয়া শিক্ষয়িত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলামে সভাখনত উপস্থিত হৈ কলছুম হানুনক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা সভা অন্ত পৰাৰ পাছত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ মুখিয়াল লোকসকলে কলছুম হানুনক তেখেতৰ গৰিয়া ছটলাস্থিত বাসগৃহলৈ সমদল কৰি লৈ যায়।

তফিকুৰ ৰহমান
সৰ্থেবাৰী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments