Monday, June 1, 2026
Homeঅসমলেখাপানী আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী সফল অভিযান

লেখাপানী আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী সফল অভিযান

জাগুনৰ পৰা শ্যাম যাধৱৰ ৰিপৰ্ট: লেখাপানী আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী আৰু এক সফল অভিযান। তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ২নং নলনী গাঁৱৰ পৰা আটক দুই যুৱকক। দুৰ্লভ মৰাণ আৰু ৰঙ্গত মৰাণ নামৰ যুৱক দ্বয়ক শনিবাৰে নিশা পেঙেৰী অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় লেখাপানী আৰক্ষীয়ে। উল্লেখ্য যে আলফা (স্বাধীন)ত যোগদান কৰিবলৈ ৰাওনা হোৱা তিনি যুৱক ক্ৰমে নিউটন মৰাণ, অন্টো মৰাণ আৰু বিজয় মৰাণক যোৱা ২৮ মে’ তাৰিখে লেখাপানীৰ টিপং চালিৰ পৰা লেখাপানী আৰক্ষীয়ে আটক কৰিছিল।

আটকাধিন বিজয় মৰাণৰ স্বীকাৰোক্তি অনুসৰি শনিবাৰে নিশা পেঙেৰী অঞ্চলত লেখাপানী আৰক্ষীয়ে অভিযান চলায় ২নং নলনী গাঁৱৰ দুৰ্লভ মৰাণ (২২) আৰু ৰঙ্গত মৰাণ (২২) ক আটক কৰি নিজৰ জিম্মাত জেৰা অব্যাহত ৰাখিছে। ধৃত যুৱক দ্বয়ো আলফা (স্বাধীন) ত যোগদান কৰিবলৈ প্ৰস্তুতি চলায় থকাৰ অপৰাধত আইনী মেৰপাকত সোমাই পৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান সময়ত উজনি অসমৰ, বিশেষকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক আলফা (স্বাধীন)ত যোগদান কৰিবলৈ তৎপৰ হৈ উঠিছে বুলি বিভিন্ন মহলত চৰ্চা অব্যাহত আছে। সেইয়ে বৰ্তমান সময়ত তিনিচুকীয়া জিলা আৰক্ষীয়ে এনে কাৰ্যক বিফল কৰিবলৈ অধিক তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত ক্ষিপ্ৰ গতিত নিজ কৰ্তব্যত নিজকে শক্তিশালী ৰূপত নিয়োজিত কৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments