- দৌলাশাল আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী।
- ধৃত ড্ৰাগছ ব্যৱসায়ীটো নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কালদি গাঁৱৰ মহিদুল ইছলাম।
- দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত কাপলাবড়িত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
- অভিযান কালত মহিদুল ইছলামৰ পৰা ১১ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, মবাইল ফোন এটা আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে।
- ধৃত মহিদুল ইছলামৰ বিৰুদ্ধে মুকালমুৱা থানাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।
- শনিবাৰে ধৃত মহিদুল ইছলামক নলবাৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।
