Saturday, June 27, 2026
Homeৰাষ্ট্ৰীয়অপাৰেশ্যন সিন্দূৰত শ্বহীদ হোৱা ৬ গৰাকী বীৰ জোৱান

অপাৰেশ্যন সিন্দূৰত শ্বহীদ হোৱা ৬ গৰাকী বীৰ জোৱান

‘অপাৰেচন সিন্দূৰ’ত প্ৰাণাহুতি দিয়া ভাৰতীয় সেনা আৰু বায়ুসেনাৰ ৬ বীৰ জোৱানৰ নাম প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে কেন্দ্ৰই।অপাৰেচন সিন্দূৰ (Operation Sindoor)ত ভাৰতীয় সেনাৰ ৫গৰাকী আৰু ভাৰতীয় বায়ুসেনাৰ এগৰাকী সদস্যই প্ৰাণ হেৰুৱাইছিল। অপাৰেচন সিন্দূৰৰ এবছৰতকৈও অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে এই তথ্য পোহৰলৈ আনিছে ভাৰত চৰকাৰে। পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানক জবাব দিবলৈ গৈ সশস্ত্ৰ বাহিনীৰ যি ছগৰাকী জোৱানে প্ৰাণ আহুতি দিছিল, তেওঁলোকৰ নাম প্ৰকাশ কৰা হৈছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক (National War Memorial)তো এই ৬গৰাকী বীৰ শ্বহীদৰ নাম খোদিত কৰা হ’ব।

পেহেলগামত সাধাৰণ জনতাক নিৰ্বিচাৰে হত্যা কৰাৰ প্ৰতিশোধ ল’বলৈ ২০২৫ৰ মে’ত পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দূৰ’। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত তীব্ৰ সামৰিক সংঘৰ্ষৰ সূচনা হয়। ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাৰ আক্ৰমণত পাকিস্তানৰ ব্যাপক ক্ষয়-ক্ষতি হৈছিল।
২০২৫ বৰ্ষত দেশৰ বাবে আত্মবলিদান দিয়া সেনা জোৱানসকলৰ নামৰ তালিকা প্ৰকাশ কৰাৰ সময়তে অপাৰেচন সিন্দূৰত শ্বহীদবৰণ কৰা সশস্ত্ৰ বাহিনীৰ ৬গৰাকী সদস্যৰ নামো ৰাজহুৱা কৰা হয়। এই অভিযানত প্ৰাণ হেৰুওৱা ছগৰাকী বীৰ জোৱান হ’ল:
ছুবেদাৰ মেজৰ পৱন কুমাৰ
ৰাইফলমেন সুনীল কুমাৰ
লেন্স নায়ক দীনেশ কুমাৰ
অগ্নিবীৰ মুৰলী নায়ক
হাবিলদাৰ সুনীল কুমাৰ সিং
চাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ (ভাৰতীয় বায়ুসেনা)
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ বাবে প্ৰাণত্যাগ কৰা সামৰিক বাহিনীৰ জোৱানসকলৰ উৎসৰ্গা কৰি ১৬টা ‘ত্যাগ চক্ৰ’ আছে। গ্ৰেনাইট পাথৰৰ ১৬খন বিশাল গোলাকাৰ দেৱালত শ্বহীদসকলৰ নাম খোদিত কৰা থাকে। দেশৰ বাবে আত্মবলিদান দিয়া সেনাৰ প্ৰতিগৰাকী সদস্যৰে নাম, পদবী আৰু তেওঁলোক কোনটো ইউনিটৰ সদস্য আছিল, সেই সকলো ইয়াত উল্লেখ কৰা হয়। স্বাধীনতাৰ পাছৰেপৰা সামৰিক বাহিনীৰ যিসকল সদস্যই দেশৰ বাবে প্ৰাণ আহুতি দিছে, তেওঁলোকৰ নাম এই ত্যাগ চক্ৰত স্থান পায়।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments