Tuesday, July 28, 2026
HomeUncategorizedসপোনৰ স্ৰষ্টা এটা গাঁৱলীয়া ল’ৰা, আজি বিশ্বৰ চিনাকী নাম

সপোনৰ স্ৰষ্টা এটা গাঁৱলীয়া ল’ৰা, আজি বিশ্বৰ চিনাকী নাম

সপোনৰ স্ৰষ্টা এটা গাঁৱলীয়া ল’ৰা ৷

আজি বিশ্বৰ চিনাকী নাম ।

এখন জটিল সংগ্ৰামৰ যুঁজত জয়ৰ দিশে তেওঁ ৷

বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷

আজি তেওঁ আমেৰিকাৰ Cincinnati Children’s Hospital Medical Center (CCHMC) Immunobiology, Oncology আৰু Stem Cell And Orgaoid Medicine বিভাগত অধ্যাপক তথা মূখ্য বিজ্ঞানী (principal Investigaor) ৷

আমেৰিকাত থাকিও প্ৰতিটো সময়ত খবৰ লয় আপোন গাঁওখনৰ, অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ ৷

কি দৰে কাকপথাৰৰ অতি ভিতৰুৱা কৈলাশপুৰৰ জৰ্জড়িত গাঁও খনৰ পৰা যাত্ৰা আৰম্ভ হ’ল আমেৰিকালৈ এজন সফল বিজ্ঞানী হিচাবে ৷

লৰালি কাল কি দৰে পাৰ কৰিলে বিজ্ঞানী ড° ৰুবুল মাউতে ৷

মাৰাত্মক কৰ্কটৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰাত একনিষ্ঠ ভাৱে প্ৰয়াস কৰি আছে মাউতে ৷

বিজ্ঞান আৰু অংকৰ শিক্ষক নথকা এখন অ-প্ৰাদেশিকৃত বিদ্যালয়ত অধ্যয়ন কৰি তিনিচুকীয়া জিলাৰ কাকপথাৰ কৈলাসপুৰৰ টঙনা নগাঁৱৰ পৰা ওলাই গৈ আমেৰিকাত জিনেটিক ছাইনটিষ্ট হিচাপে দপদপাই অসমীয়া বিজ্ঞানী ড° ৰুবুল মাউত । বিজ্ঞানী ড° ৰুবুল মাউতী আৱিষ্কাৰ কৰিলে ‘কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত প্ৰ’টিন অণুৰে সক্ৰিয় কৰিব পৰা মানুহৰ প্ৰতিৰোধ তন্ত্ৰ তথা Immune system । এই সম্পৰ্কে ৰুবুল মাউটে নেতৃত্ব দিয়া এক গৱেষণা আগষ্ট মাহৰ এক তাৰিখে বিশ্ববিখ্যাত জাৰ্ণেল Cell’ত প্ৰকাশ হৈছে । উৰুখা পঁজাৰ পৰা তেওঁৰ সম্ভৱ কৰি তুলিছিল মাছাচ্যুচেটছ বিশ্ববিদ্যালয়ত গৱেষণাৰ পথ ৷ ইয়াৰ পিছতে শেহতীয়াকৈ তেওঁৰ গৱেষণাই সফলতাৰ আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে ৷ অগ্ৰগতি লাভ কৰিছে তেওঁৰ গবেষণাই ৷ তাৰ পিছতে আমেৰিকাৰ Cincinnati Children’s Hospital Medical Center (CCHMC) Immunobiology, Oncology আৰু Stem Cell And Orgaoid Medicine বিভাগত অধ্যাপক তথা মূখ্য বিজ্ঞানী (principal Investigaor) হিচাপে যোগদান কৰিছে ৷ এই সাফল্য লাভ কৰাৰ পিছতে কি দৰে সৰুৰে পৰা পঢ়া-শুনা কৰিছিল তাৰ বৰ্ণানা দিলে জ্যেষ্ঠ ভাতৃয়ে ৷

টঙনা নগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা ৰুবুল মাউটে কৈলাসপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে । সেইসময়ত অ-প্ৰাদেশিকৃত হৈ থকা কৈলাসপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰুবুলে সম্পন্ন কৰিছিল হাইস্কুলীয়া শিক্ষা । কৈলাসপুৰ হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুবুলে তিনিচুকীয়াৰ চেনাইৰাম স্কুলত উচ্চতৰ মাধ্যমিক আৰু তিনিচুকীয়া ক’লেজৰ পৰা স্নাতক ডিগ্ৰী লয় । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতেই মুম্বাইৰ পুণে আৰু তাৰ পৰা আমেৰিকালৈ যাত্ৰা ।

পঞ্চম শ্ৰেণীৰ পৰা মেট্ৰীক পৰীক্ষা দিয়ালৈকে ৰুবুলে বিদ্যালয়ত বিজ্ঞান আৰু অংকৰ শিক্ষক পোৱাই নাছিল ৷

মাতৃ, পত্নী সহ দুই সন্তান, এগৰাকী বায়েক আৰু ককায়েক, দুজন ভায়েক সহ ড° ৰুবুলৰ এটা ভৰপূৰ পৰিয়াল ।

ড° মাউতৰ জনপ্ৰিয় গ্ৰন্থ “মোৰো এটা সপোন আছে” ত সকলো বিৱৰি থৈছে তেওঁ ৷

আমেৰিকাত থাকিও প্ৰতিটো সময়ত আপোন গাঁওখনৰ, অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ খবৰ লয় তেওঁ ৷

ড° মাউতৰ সূদুৰ প্ৰয়াসী যাত্ৰা সফল হওক তাৰে কামনা কৰে সকলোৱে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments