Tuesday, July 28, 2026
HomeঅসমNHPCৰ বান্ধৰ গে’ট খোলাৰ পাছতেই সোৱণশিৰিৰ ৰূদ্ৰৰূপ

NHPCৰ বান্ধৰ গে’ট খোলাৰ পাছতেই সোৱণশিৰিৰ ৰূদ্ৰৰূপ

NHPCৰ বান্ধৰ গে’ট খোলাৰ পাছতেই ফেনে-ফুটুকাৰে ওফন্দি উঠিছে সোৱণশিৰি নৈ। লখিমপুৰ জিলাৰ অন্তৰ্গত মাজুলীৰ সীমান্তৱৰ্তী ২০খনতকৈও অধিক গাঁও জলমগ্ন হৈ পৰিছে।প্লাৱিত হৈ পৰিছে বহু হেক্টৰ কৃষিভূমি প্লাৱিত, আৱদ্ধ হৈ পৰিছে পশুধন। বাঢ়নী পানীয়ে লখিমপুৰ জিলাৰ ১নং আৰু ২ নং কানিয়াজান, আউনীবাৰী অংশত ছিগি নিলে চেলেক-ধুনাগুৰি পথৰ বিভিন্ন অংশ।

লখিমপুৰ জিলাৰ অন্তৰ্গত মাজুলীৰ সীমান্তৱৰ্তী ১নং কানিয়াজান, ২নং কানিয়াজান আৰু আউনীবাৰী অঞ্চলত তিনিটা স্থানত পথ ছিঙি নিয়াত সম্পূৰ্ণ ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ ফলত প্লাৱিত হৈ পৰিছে লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু মাজুলী জিলাৰ সীমান্তৱৰ্তী ২০খনতকৈও অধিক গাঁও।লখিমপুৰ জিলাৰ কানিয়াজান, আউনীবাৰী, বৰবালি, ললিতিমুখ আদি বহু গাঁৱৰ ঘৰ-বাৰী আৰু পথ পানীৰ তলত ডুব গৈছে। ইফালে, এই অঞ্চলসমূহত বহু হেক্টৰ কৃষিভূমি প্লাৱিত হোৱাত কৃষকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।

বিশেষকৈ শালি ধানৰ কঠীয়া সম্পূৰ্ণ নষ্ট হোৱাৰ উপক্ৰম হৈছে। লগতে চৰণীয়া পথাৰ প্লাৱিত হোৱাত পশুধন আবদ্ধ হৈ পৰাৰ লগতে খাদ্য সংকটেও কৃষকসকলক অধিক চিন্তাত পেলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments