ফিফা বিশ্বকাপ ২০২৬-ৰ খিতাপী যুঁজত এইবাৰ মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু সমগ্ৰ টুৰ্ণামেণ্টত অপৰাজেয় হৈ থকা স্পেইন। এই ঐতিহাসিক মহাৰণৰ পূৰ্বে স্পেইনৰ কিংবদন্তী ফুটবলাৰ আন্দ্ৰেছ ইনিয়েষ্টাই ফুটবল সম্ৰাট লিয়নেল মেছীক লৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
এক দশকতকৈও অধিক সময় ধৰি বাৰ্চিলোনা ক্লাবত মেছীৰ সৈতে কান্ধত কান্ধ মিলাই খেলা ইনিয়েষ্টাই ভালদৰেই জানে যে মেছীৰ খেলৰ স্তৰ কিমান উচ্চ। সেই অভিজ্ঞতাৰ আধাৰতে তেওঁ ফাইনেলৰ পূৰ্বে স্পেইনৰ দলটোক এক বিশেষ পৰামৰ্শ আগবঢ়াইছে তেওঁ।
২০২২ৰ কাটাৰত বিশ্বকাপ জিনা আৰ্জেণ্টিনা পুনৰ নামিব ট্ৰফী ধৰি ৰখাৰ পদশিল্পৰ মহাৰণত। ফাইনেলতো অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু ৰাজপুুত্ৰ মাৰাডোনাৰ আশিসপুষ্ট লিঅ’নেল মেছি। ষ্ট্ৰাইকাৰ জুলিয়ান আলভাৰেজ আৰু মিডফিল্ডাৰ আলেক্সিছ মেক এলিয়েষ্টাৰৰ দৰে তাৰকাই সংগ দিব মেছিক।
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা সাজু আকৌ এবাৰ বিশ্ব জয় কৰিবলৈ। ৩৯ বছৰীয়া ‘ফুটবলৰ ঈশ্বৰ’ লিঅ’নেল মেছিৰ এয়া শেষ সুযোগ। আলভাৰেজ আৰু মেক এলিয়েষ্টাৰৰ তীব্ৰ গতিৰে এইবাৰো কাপ ধৰি ৰাখিবলৈ মৰণপণ যুঁজ দিব আল বিচেলেস্তাই। লাউতাৰো মাৰ্টিনেজ, এনজো ফাৰ্নাণ্ডেজ, ক্ৰিষ্টিয়ান ৰোমেৰ’ৰ দৰে তাৰকা সাজু স্পেইনৰ টিকিটাকাক প্ৰতিহত কৰিবলৈ। বনজুইৰ ধোঁৱাই আৱৰা নিউ জাৰ্ছীৰ আকাশত সূৰ্যৰশ্মি হ’ব পাৰে মেছি। মহাতাৰকাৰ পদচালনাৰ যাদু চাবলৈ ব্যাকুল ফুটবল অনুৰাগী আৰু স্পেইন। ১৬ বছৰে বিশ্বকাপ জয়ৰ আশাত বন্দী লা ৰোজা হিচাপে জনপ্ৰিয় স্পেইন।
