Saturday, August 1, 2026
Homeঅসমএতিয়াৰে পৰা প্ৰয়োজনত অৰুণোদয় হিতাধিকাৰীয়ে ল’ব পাৰিব আগধন

এতিয়াৰে পৰা প্ৰয়োজনত অৰুণোদয় হিতাধিকাৰীয়ে ল’ব পাৰিব আগধন

অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন সুবিধা। এতিয়াৰ পৰা প্ৰয়োজন হ’লে আগধন হিচাপে ল’ব পাৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে দিব নালাগে কোনো সুদ। পৰৱৰ্তী মাহৰ পৰা অলপ অলপকৈ হিতাধিকাৰীৰ পৰা কৰ্তন কৰা হ’ব এই ধন। এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি অৰুণোদয় ৩.০ আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অৰুণোদয় আঁচনিৰ ১২৫০ টকাৰ পৰা লাহে লাহে অৰুণোদয়ৰ ধনৰাশিৰ পৰিমাণ বঢ়াই নিয়া হ’ব৷ অৰুণোদয়ৰ হিতাধিকাৰীসকলে পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে অতিৰিক্ত ধন ল’ব পাৰিব৷ তাৰ বিনিময়ত হিতাধিকাৰীসকলৰ আঁচনিৰ ধনৰ পৰা মাহে মাহে কাটি থাকিব চৰকাৰে৷ তাৰ কাৰণে কোনো সুদ নলয় চৰকাৰে৷ কোনোবাই যদি ১০ হাজাৰ বা ৮ হাজাৰ টকা আগতীয়াকৈ জৰুৰীকালীনভাৱে বিচাৰে ল’ব পাৰে, তাৰো ব়্যৱস্থা কৰা হ’ব৷ বছৰি হিতাধিকাৰীসকলে লাভ কৰা ধন আগতীয়াকৈ ল’ব পৰা ব্যৱস্থা কৰা হ’ব৷ বেংকৰ পৰা ঋণ ল’লে বেংকক পৰিশোধ কৰিব নালাগে, আমি বেংকক অৰুণোদয়ৰ পৰা কাটি থাকিব ক’ম।’’

লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰী সকলৰ পৰা ১৫০ টকাকৈ কাটিছো৷ সেই টকা আপোনালোকৰ হৈ আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ ৰাইজক দিম৷ বন্যাৰ্তসকলক সহায় কৰাৰ ক্ষেত্ৰত আপোনালোকো অংশীদাৰ হ’ল৷’’মুখ্যমন্ত্ৰীয়ে কয় ফলস্বৰূপে আমি অৰুণোদয়ৰ সকলো হিতাধিকাৰী এটা পৰিয়াল হ’ল৷ কাইলৈ লখিমপুৰ, ধেমাজিতো যদি বানপানী হয় আমি সকলোৱে আমাৰ পৰিয়ালৰ হৈ থিয় দিম৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে প্ৰত্যেক সমষ্টিতে এজন অৰুণোদয় সাৰথি নিযুক্তি দিয়া হ’ব৷ অৰুণোদয় সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান কৰিব অৰুণোদয় সাৰথিগৰাকীয়ে৷ হিতাধিকাৰীসকলৰ সকলো সমস্যা সমাধান কৰিব পাৰিব অৰুণোদয় সাৰথিৰ জৰিয়তে।অসমৰ ৩৭ লাখ মহিলাই আজি বেংক একাউণ্টযোগে অৰুণোদয়-৩.০ৰ ধন লাভ কৰিব৷ এইবাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰা হৈছে৷ যাতে অন্য লোকে মহিলাগৰাকীৰ একাউণ্টৰ ধন হৰলুকি কৰিব নোৱাৰে৷ প্ৰকৃত গৰাকীয়ে যাতে ধন লাভ কৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে৷

উল্লেখযোগ্য আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব ২৫০০ টকাকৈ। বাকী জিলাসমূহৰ হিতাধিকাৰীসকলে লাভ কৰিব ১১০০ টকাকৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments