Friday, August 7, 2026
Homeঅসমবন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ!

বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ!

বান সাহায্য প্ৰদানত বিসংগতিৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ। চৰকাৰৰ ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰদানত বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীগৰাকীয়ে। বিসংগতি পোহৰলৈ অহাৰ পিছতে বন্ধ কৰি দিয়া হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া।
ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰা ৰোধ কৰিবলৈ আধাৰ লিংকৰ জৰিয়তে ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, একাংশ গাঁও প্ৰধান, মণ্ডল তথা চৰকাৰী কৰ্মচাৰীয়ে যদিহে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰোতে অনিয়ম সংঘটিত কৰিছে, তেন্তে তাৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই।
 কেশৱ মহন্তই কয়, নাগালেণ্ডৰ পৰা বৈ অহা নদীসমূহে অসমৰ জিলাকেইখনত সংঘটিত কৰা জলপ্ৰলয় সন্দৰ্ভত উচ্চস্তৰীয় দলে তদন্ত কৰি সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা দলটোত এই বিষয়সমূহ বিশ্লেষণ কৰিবলৈ এগৰাকী বিজ্ঞানীও আছিল বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে।
 মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, ‘‘চাহ বাগিচা অঞ্চলসমূহত বানৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ ওপৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা মুখ্যমন্ত্ৰীৰ তদাৰকত কৰা হৈছে।’’
 নাজিৰাৰ বানাক্ৰান্ত ৰাইজে অসমবাসীৰ পৰা তথা চৰকাৰৰ পৰা বহু সাহায্য লাভ কৰাৰ কথা স্বীকাৰ কৰি বৰ্তমান একাংশ বানত আক্ৰান্ত নোহোৱা লোকেহে কৌশলেৰে বহু লোকৰ পৰা বান সাহায্য লৈ থকাৰ কথা জানিবলৈ দিছে নাজিৰাৰ বিধায়কগৰাকীয়ে। সেয়েহে ধন সংগ্ৰহ কৰি নাজিৰাত আৰু বান সাহায্য নিদিবলৈ ৰাইজক আহ্বান জনাইছে নাজিৰাৰ বিধায়কগৰাকীয়ে। নাজিৰাত প্ৰায় দুহাজাৰ বাসগৃহ পানীয়ে ভাঙিছে। আৰু বৰ্তমান সেই ঘৰসমূহ পুনৰ্নিমাণৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মত ব্যক্ত কৰিছে ময়ুৰ বৰগোহাঁইয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments