Friday, September 11, 2026
Homeঅসমবৰঘোপাত বিএম নেষ্ট ৰিজ'ৰ্ট ফুটবল প্ৰতিযোগিতা

বৰঘোপাত বিএম নেষ্ট ৰিজ’ৰ্ট ফুটবল প্ৰতিযোগিতা

তফিকুৰ ৰহমান, সৰ্থেবাৰী,
২০ আগষ্টঃ বৰপেটা জিলাৰ বৰঘোপাত চলি থকা প্ৰথম বাৰ্ষিক বিএম নেষ্ট ৰিজ’ৰ্ট ফুটবল প্ৰতিযোগিতাৰ তৃতীয়খন প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেল বৃহস্পতিবাৰে সোণাপুৰ স্পৰ্টছ ক্লাব আৰু কঁঠালমূৰা ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায়। খেলখন উদ্বোধন কৰে ভগীৰথ ডেকাই ।

বৰঘোপা ফুটবল কোচিং চেন্টাৰৰ উদ্যোগত বৰঘোপা হাইস্কুল খেলপথাৰত চলি থকা বিএম নেষ্ট ৰিজ’ৰ্ট ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত সোণাপুৰ স্পৰ্টছ ক্লাবে কঁঠালমূৰা ফুটবল ক্লাবক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখনত ১৪ টা ফুটবল দলে যোগদান কৰা বুলি জানিবলৈ দিয়ে বিএম নেষ্ট ৰিজ’ৰ্টৰ স্বত্বাধিকাৰীদ্বয় ক্ৰমে নৱজিৎ তালুকদাৰ আৰু কল্পনা তালুকদাৰে। প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় নৰেন্দ্ৰ নাথ তালুকদাৰৰ সোঁৱৰণত ট্ৰফীসহ নগদ ১৫ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় দুৰ্লভ তালুকদাৰৰ সোঁৱৰণত ট্ৰফীসহ নগদ ১০ হাজাৰ টকা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments