Friday, September 11, 2026
Homeঅসমনীৰৱ কনৰাড ছাংমা চৰকাৰ

নীৰৱ কনৰাড ছাংমা চৰকাৰ

শ্বিলঙত বুধবাৰে খাছী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিল অসমৰ পৰা যোৱা বাহন।

বাচি বাচি অসমৰ পঞ্জীয়নভুক্ত বাহনত প্ৰতিবাদকাৰীয়ে চলালে আক্ৰমণ। অসমৰ বাহনত থকা আৰোহীকো আক্ৰমণ প্ৰতিবাদকাৰীৰ।

এই হিংসাত্মক ঘটনা ৩১খন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। ক’লা পোছাক, মুখত মাস্ক পিন্ধি নম্বৰ প্লেট ঢকা বাইকত ঘূৰি ফুৰা একাংশ প্ৰতিবাদকাৰীয়ে নিৰ্বিচাৰ আক্ৰমণ চলালে অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত।

উল্লেখযোগ্য যে কেইবাটাও দাবীৰে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল খাছী ছাত্ৰ সন্থা (KSU)ই। খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰা, মেঘালয়ৰ স্থায়ী বাসিন্দাৰ বাবে নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া, ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰী কৰা, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱা, ইউৰেনিয়াম খনিৰ বিৰোধিতা কৰা আৰু প্ৰস্তাৱিত ‘শ্ৰী চিমেণ্ট’ প্ৰকল্পৰ ৰাজহুৱা শুনানি বাতিল কৰাকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সংগঠনটোৱে। কিন্তু এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ টাৰ্গেট হৈ পৰিল অসমৰ লোক আৰু অসমৰ বাহন।

তিমধ্যে হিংসাত্মক প্ৰতিবাদৰ পাছতে KSUৰ ৩ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। খাছী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতিক ৰেমন খাৰজানা, উপ-সভাপতি পিনকমেনলাং ছানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াৰক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন, সাধাৰণ নাগৰিকক আক্ৰমণ আৰু অন্যান্য অভিযোগত তিনিওজনক গ্ৰেপ্তাৰ কৰা হৈছে। তিনিওৰে বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত ৰুজু গোচৰ হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments