Friday, September 11, 2026
Homeঅসমবন্যাৰ্তৰ কাষত WWEৰ খেলুৱৈ গ্ৰেট খালি

বন্যাৰ্তৰ কাষত WWEৰ খেলুৱৈ গ্ৰেট খালি

বানপীড়িতৰ কাষত মানৱতাৰ নিদৰ্শন । শিৱসাগৰৰ দৰিকা কৈৱৰ্ত গাঁৱত উপস্থিত The Great Khali

বানে বিধ্বস্ত কৰা শিৱসাগৰৰ দৰিকা কৈৱৰ্ত গাঁৱত আজি এক ব্যতিক্ৰমী দৃশ্য দেখা গ’ল। WWE ৰিঙত নিৰ্দয় ভাৱে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ বাবে জনাজাত দ্য গ্ৰেট খলি আজি দেখা দিলে একেবাৰে ভিন্ন ৰূপত – এজন মানৱদৰদী হিচাপে।

বানৰ কোপত সৰ্বস্ব হেৰুওৱা দৰিকা কৈৱৰ্ত গাঁৱৰ ৰাইজৰ মাজত উপস্থিত হৈ খলিয়ে বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।

বানপীড়িত পৰিয়ালসমূহক তেওঁ বিছনা, ফেন, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। খলিক ওচৰত পাই আৱেগিক হৈ পৰে গাঁওবাসী।

WWE ৰিঙৰ ভিতৰত যি জন খলিৰ আক্ৰমণত প্ৰতিপক্ষই থৰক-বৰক খায়, সেইজন খলিৰ হাতেই যেতিয়া দুখীয়া ৰাইজে সাহায্য লাভ কৰিলে, তেতিয়া সকলোৱে ক’লে – এয়াই প্ৰকৃত মানৱতাৰ নিদৰ্শন।

বানে ধোৱা গাঁওখনত খলিৰ এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments