ৰাজ্যত বতৰে ল’ব পাৰে সংহাৰী ৰূপ। গুৱাহাটীৰ প্ৰান্তে-প্ৰান্তে আজি দুপৰীয়াৰে পৰা ধাৰাসাৰ বৰষুণ হৈ আছে। ইয়াৰ মাজতে ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে। Yellow Alert জাৰি কৰা জিলাসমূহৰ বিভিন্ন স্থানত বিজুলীসহ ঢেৰেকনি অহাৰ সম্ভাৱনাও আছে।
কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী জিলাত আজি বিজুলীসহ ঢেৰেকনি অহাৰ সম্ভাৱনা আছে।
কোকৰাঝাৰ, নগাঁও, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, হোজাই, ডিমা হাচাও জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই কোনোধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই।
